অসম

assam

ETV Bharat / state

ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰে জড়িত নিৰ্মানকাৰী সংস্থাৰ পলায়ন - এপদো সামগ্ৰী

ঠিকা লাভ কৰা নিৰ্মানকাৰী সংস্থাটোৱে ধন আদায় নিদিয়াকৈ আধাতে কাম এৰি পলায়ন কৰাত সম্প্ৰতি সামগ্ৰী যোগান ধৰা যুৱক সকলৰ মাজত ক্ষোভৰ জুই জ্বলিছে ।

ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰে জড়িত নিৰ্মানকাৰী সংস্থাৰ পলায়ন
ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰে জড়িত নিৰ্মানকাৰী সংস্থাৰ পলায়ন

By

Published : Aug 26, 2021, 10:27 PM IST

টীয়ক, 26 আগষ্ট: যোৰহাট জিলাৰ বাইপাছৰ পৰা জাঁজী পৰ্যন্ত ৰাষ্ট্ৰীয় ঘাইপথচোৱা সম্প্ৰসাৰণৰ কামত নিয়োজিত জিডিচিএল নামৰ নিৰ্মাণ সংস্থাটোৱে উপ-ঠিকা প্ৰদান কৰা লিংকন ডিগনিটি নামৰ সংস্থাটোৱে নিৰ্মানৰ কাম আধাতে এৰি পলায়ন কৰাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ পথ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰা স্থানীয় যোগানকাৰী যুৱক সকলো ভয়ংকৰ বিপদত পৰিছে ।

কিয়নো সামগ্ৰী যোগানৰ নামত যোগানকাৰী যুৱক সকলক দিবলৈ বাকী থাকিল কেইবা কোটি টকা । একোজন যুৱকে সামগ্ৰী যোগান ধৰাৰ নামত সংস্থাটোৰ পৰা পাবলৈ আছে নুন্যতম চাৰি লাখ টকাৰ পৰা বিশ লাখ পৰ্যন্ত । নিৰ্মানকাৰী সংস্থাটোৱে এই ধন আদায় নিদিয়াকৈ আধাতে কাম এৰি পলায়ন কৰাত সম্প্ৰতি সামগ্ৰী যোগান ধৰা যুৱক সকলৰ মাজত ক্ষোভৰ জুই জ্বলিছে ।

ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰে জড়িত নিৰ্মানকাৰী সংস্থাৰ পলায়ন

লগতে পঢ়কঃ বিশ্ব স্বাস্থ্য সংস্থাৰ ওপৰত নাৰাজ চন্দ্ৰমোহন পাটোৱাৰী

ইতিমধ্যে যুৱকসকলে এই সন্দৰ্ভত যোৰহাট জিলা উপায়ুক্ত, তদাৰকী সংস্থা এনএইচআইডিচি এল, নিৰ্মাণ সংস্থা জিডিচিএল কৰ্তৃপক্ষক বাৰম্বাৰ অৱগত কৰাৰ লগতে প্ৰাপ্য অনাদায় ধন আদায় দিবলৈ অনুৰোধ জনোৱাৰ পাচতো কোনো সঁহাৰি নোপোৱাত ক্ষোভিত হৈ পৰিছে নিৰ্মানকাৰী সংস্থাটোক সামগ্ৰী যোগান ধৰা স্থানীয় যুৱক সকল ৷

সম্প্ৰতি উপায়ন্তৰ হৈ স্থানীয় যুৱক সকলে টীয়কৰ মেলেং মেটেলিত থকা লিংকন ডিগনিটিৰ কাৰ্যালয় চৌহদৰ প্ৰৱেশ পথ বন্ধ কৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ প্ৰতিবাদকাৰী স্থানীয় যুৱক সকলৰ অনাদায় হৈ থকা ধন শীঘ্ৰে পৰিশোধ নকৰিলে লিংকন ডিগনিটিৰ প্ৰৱেশ পথ বন্ধ কৰি থোৱাৰ লগতে কাৰ্যালয়ৰ চৌহদত থকা এপদো সামগ্ৰী বাহিৰলৈ নিব নোৱাৰিব বুলি হুংকাৰ প্ৰদান কৰে ৷ ইয়াৰ লগতে এনএইচআইডিচিএলৰ যোৰহাটস্থিত কাৰ্যালয়ত তলা ওলমাই দিয়াৰ ভাবুকিও দিয়ে প্ৰতিবাদকাৰী যুৱক সকলে ।

লগতে পঢ়কঃ অসমৰ পৰাই মাতৃভূমি আফগানিস্তানৰ বাবে প্ৰাৰ্থনা শ্বেহজাদা খানৰ

ABOUT THE AUTHOR

...view details