যোৰহাট, ২২ জানুৱাৰী: শুকুৰবাৰৰ পৰা তিনিদিনীয়াকৈ যোৰহাটৰ টীয়ক হাইস্কুল খেলপথাৰত অনুষ্ঠিত হৈছে ৪০ বছৰ উদ্ধৰ সদৌ অসম ভিত্তিত দিবা-নৈশ প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা । টীয়ক কেন্দ্ৰীয় ভেটাৰ্ণ ফুটবল ক্লাৱৰ উদ্যোগত আয়োজিত এই প্ৰতিযোগিতাত ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ ১৬ টা দলে যোগদান নিশ্চিত কৰিছে ।
সংশোধিত নাগৰিকত্ব আইন চমুকৈ কা আৰু বিষ্বজুৰি অতিমাৰী Covid-১৯ ৰ আতংকৰ কিছু সামকটাৰ মাজতে বৃহত্তৰ অঞ্চলটোত এই প্ৰতিযোগিতাই এক সুন্দৰ তথা ভাতৃত্ববোধৰ পৰিবেশৰ সূচনা কৰিব বুলি মন্তব্য কৰিছে উদ্যোক্তাসকলে ।