টীয়কত ভোটাধিকাৰ সাব্যস্ত ৰেণুপমা ৰাজখোৱাৰ
টীয়কত ভোটাধিকাৰ সাব্যস্ত কৰে টীয়ক বিধানসভা সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাই
টীয়ক, 11 এপ্ৰিল : ৰাজ্যৰ 5টা সমষ্টিত আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ এই ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হোৱা সমষ্টিকেইটাৰ ভিতৰত টীয়কটো পুৱাৰ পৰা দেখা গৈছে ভোটাৰৰ দীঘলীয়া শাৰী ৷ টীয়কৰ প্ৰতিটো ভোট গ্ৰহণ কেন্দ্ৰত ভোট দিবলৈ সমাগম হয় অজস্ৰ জনসাধৰণৰ ৷ আনহাতে, টীয়কৰ বঙালী গাঁও প্ৰাথমিক বিদ্যালয়ৰ ভোট গ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে টীয়ক বিধানসভা সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাই ৷ ৰাজখোৱাই ভোটধিকাৰ সাব্যস্ত কৰি উঠি ৰাইজৰ সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি আৰু উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবলৈ এইবাৰ সচেতন তথা যুৱ ভোটাৰে মিত্ৰজোঁটৰ পক্ষত ভোটাধিকাৰ সাব্যস্ত কৰিব বুলিও মন্তব্য প্ৰকাশ কৰে ৷