অসম

assam

ETV Bharat / state

টীয়কত পাঁচদিনীয়া কাৰ্যসূচীৰে পৰিৱেশ দিৱস - বিশ্ব পৰিৱেশ দিৱস

আলোচনা চক্ৰত  অৰণ্য মানৱখ্যাত পদ্মশ্ৰী যাদৱ পায়েঙৰ লগতে জিলা বন বিষয়া ডি. চুমন,আন্তৰ্জাতিক পৰিৱেশ কৰ্মী ঋতুৰাজ ফুকন,নাবাৰ্ডৰ সম্প্ৰসাৰণ বিষয়া কে.ভাইফেই, যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগ উপস্থিত থাকে ।

পাঁচদিনীয়া কাৰ্যসূচীৰে টীয়কত আয়োজন বিশ্ব পৰিৱেশ দিৱস

By

Published : Jun 1, 2019, 7:02 PM IST

যোৰহাট,১জুন : যোৰহাট জিলাৰ বন সংমণ্ডল কাৰ্যালয় আৰু বেচৰকাৰী সংস্থা 'ৰেঙনি এটি আশা'ৰ উদ্যোগত টীয়কত পাঁচদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে বিশ্ব পৰিৱেশ দিৱস । শনিবাৰৰ পৰা আৰম্ভ হোৱা কাৰ্যসূচী অনুসৰি শুকুৰবাৰে এখন আলোচনা চক্ৰ অনুষ্ঠিত হয় । আলোচনা চক্ৰত অৰণ্য মানৱখ্যাত পদ্মশ্ৰী যাদৱ পায়েঙৰ লগতে জিলা বন বিষয়া ডি. চুমন,আন্তৰ্জাতিক পৰিৱেশ কৰ্মী ঋতুৰাজ ফুকন,নাবাৰ্ডৰ সম্প্ৰসাৰণ বিষয়া কে.ভাইফেই, যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগ উপস্থিত থাকে ।

পাঁচদিনীয়া কাৰ্যসূচীৰে টীয়কত আয়োজন বিশ্ব পৰিৱেশ দিৱস

দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱ গোস্বামীয়ে সঞ্চালনা কৰা এই সভা উদ্বোধন কৰে বনাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ধ্ৰুবজ্যোতি বৰাই ।

ABOUT THE AUTHOR

...view details