অসম

assam

ETV Bharat / state

চৰকাৰৰ সৌভাগ্য আঁচনিয়ে দূৰ্ভাগ্য কঢ়িয়াইছে টীয়কত - টীয়ক জাঁজীমুখৰ প্ৰায় ৩৩ টা পৰিয়াল

বান গৰাখহনীয়াই জুৰুলা কৰা তথা গৃহহীন কৰা টীয়ক জাঁজীমুখৰ প্ৰায় ৩৩ টা পৰিয়ালক বিগত সময়ত সংস্থাপন দিয়া হৈছিল টীয়ক ৰাজহচক্ৰৰ অধীনৰ জাঁজীমুখৰে গড়খাৱৈৰ ফুকনবাৰীত অঞ্চলত । পৰৱৰ্তী সময়ত বিদ্যুত যোগানকে আদি কৰি বিভিন্ন সুবিধাসমূহ পূৰণৰ ক্ষেত্ৰত ৰজাঘৰ উদাসীন হোৱা দেখা গ’ল ৷

Teok electricity problem
চৰকাৰৰ সৌভাগ্য আঁচনিয়ে দূৰ্ভাগ্য কঢ়িয়াইছে টীয়কত

By

Published : Aug 30, 2020, 9:34 AM IST

টীয়কত,30 আগষ্টঃপৰিৱৰ্তনকামী চৰকাৰৰ এক অভিলাসী আঁচনি "সৌভাগ্য"। এই আঁচনি দ্বাৰা দৰিদ্ৰ তথা বিদ্যুত সংযোগবিহীন অঞ্চলসমূহলৈ এক আশা কঢ়িয়াইছিল যদিও কাৰ্যক্ষেত্ৰত আজি এই আঁচনিয়ে জলাকলাহে খুৱাইছে টীয়কৰ বানবিধস্ত জাঁজীমুখ অঞ্চলত ৷

উল্লেখযোগ্য যে বান গৰাখহনীয়াই জুৰুলা কৰা তথা গৃহহীন কৰা টীয়ক জাঁজীমুখৰ প্ৰায় ৩৩ টা পৰিয়ালক বিগত সময়ত সংস্থাপন দিয়া হৈছিল টীয়ক ৰাজহচক্ৰৰ অধীনৰ জাঁজীমুখৰে গড়খাৱৈৰ ফুকনবাৰীত অঞ্চলত । এই দূৰ্ভগীয়া পৰিয়াল কেইটাক চৰকাৰে সংস্থাপন দিলে থিকেই কিন্তু পৰৱৰ্তী সময়ত বিদ্যুত যোগানকে আদি কৰি বিভিন্ন সুবিধাসমূহ পূৰণৰ ক্ষেত্ৰত ৰজাঘৰ উদাসীন হোৱা দেখা গ’ল ৷

চৰকাৰৰ সৌভাগ্য আঁচনিয়ে দূৰ্ভাগ্য কঢ়িয়াইছে টীয়কত

বৰ্তমান শাসনাধিষ্ঠ চৰকাৰখনে ২০১৮ চনতেই পৰিয়াল কেইটাক "সৌভাগ্য" আঁচনিৰ অন্তৰ্ভূক্ত কৰি বিদ্যুত সংযোগৰ ব্যৱস্থা কৰিবৰ বাবে টেঞ্চফৰ্মাৰ স্থাপন কৰি বৈদ্যুতিক তাঁৰ সংযোগ কৰিলে ঠিকেই কিন্তু বিদ্যুতৰ পোহৰহে নাহিল অঞ্চলটোলৈ ৷ ঘৰে ঘৰে বিদ্যুতৰ মিটাৰ পৰ্যন্ত লগোৱা হ'ল কিন্তু আজিকোপতি বিভাগে বিদ্যুত বিতৰণ নকৰিলে এই গাঁৱখনত । সেয়ে ৰাইজ উপায়ন্তৰ আৰু ক্ষোভিত হৈ পৰিছে আৰু বিদ্যুত যোগান ধৰিব নোৱাৰিলে এইসমূহ তাঁৰ অলংকাৰ হিচাপে ৰখাতকৈ বিভাগক ঘূৰাই নিবলৈ দাবী জনাইছে ।

লগতে পঢ়কঃ ৩০ বছৰেও আন্তঃগাঁথনি উন্নত নহ’ল চাচনী সামূহিক চিকিৎসালয়ৰ

ABOUT THE AUTHOR

...view details