অসম

assam

ETV Bharat / state

টীয়কত শক্তি বিভাগৰ অকৰ্মণ্যতা - teok-electricity-board

যোৰহাট জিলাৰ টীয়কৰ কাকজান বিদ্যুৎ উপ-সংমণ্ডলৰ অধীনত কাকজান মাজগাঁৱৰ এটা উন্মুক্ত ট্ৰেঞ্চফ'মাৰত নিহত তিনিটাকৈ পশুধন ।

টীয়কত শক্তি বিভাগৰ অকৰ্মণ্যতা

By

Published : May 11, 2019, 3:34 PM IST

যোৰহাট,11 এপ্ৰিলঃ যোৰহাট জিলাৰ টীয়কত পোহৰলৈ আহিছে শক্তি বিভাগৰ অকৰ্মণ্যতা। কাকজান বিদ্যুৎ উপ সংমণ্ডলৰ অধীনত কাকজান মাজগাঁৱৰ এটা উন্মুক্ত ট্ৰেঞ্চফ'মাৰত শনিবাৰে বিদ্যুতস্পৃষ্ট হৈ নিহত হয় তিনিটাকৈ পশুধন ।

টীয়কত শক্তি বিভাগৰ অকৰ্মণ্যতা

দীৰ্ঘদিন ধৰি এই অঞ্চলৰ ৰাইজে বিভাগটোৰ চিপাহী খোলাস্থিত কাৰ্যালয়ত উন্মুক্ত ট্ৰেঞ্চফ'মাৰ সন্দৰ্ভত অভিযোগ দি আহিছিল যদিও বিভাগটোৰ ফালৰ পৰা কোনোধৰণৰ পদক্ষেপ নোলোৱাত এনে দুৰ্ঘটনা সংঘটিত হৈছে বুলি উল্লেখ কৰে। তদুপৰি নিচেই তলৰে যোৱা উচ্চ বিদ্যুৎপৰিবাহী তাঁৰ ওপৰলৈ তুলি দিবলৈও বহুবাৰ জনোৱাৰ পাছতো বিদ্যুৎ বিভাগৰ লোকে তাঁৰ দাঙিবলৈ প্ৰয়োজনীয় মেচিন নাই বুলিও দায়সৰা মন্তব্য কৰে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে। এই ঘটনাত কথমপি প্ৰাণৰক্ষা পৰে বহু লোকৰ। এতিয়া প্ৰশ্ন হয় এনেবোৰ সমস্যা সমাধানৰ ক্ষেত্ৰত কি ভূমিকা পালন কৰে শক্তিমন্ত্ৰী তপন গগৈয়ে ?

ABOUT THE AUTHOR

...view details