টীয়ক, 4 অক্টোবৰ : মানৱ ধৰ্মই শ্ৰেষ্ঠ ধৰ্ম কথাষাৰ শিৰোগত কৰি যোৰহাট জিলাৰ টীয়কৰ এগৰাকী চিকিৎসকে বিনামূলীয়াকৈ আগবঢ়াই আহিছে চিকিৎসা সেৱা । কৰ্কটৰোগ বিশেষজ্ঞ ডাঃ যদুনাথ বুঢ়াগোহাঁই বৰ্তমান কৰ্মসূত্ৰে গুৱাহাটীত বসবাস কৰে যদিও জন্মস্থান টীয়কৰ বামুণপুখুৰীৰ ৰাইজৰ মাজত বিনামূলীয়াকৈ প্ৰদান কৰি আহিছে চিকিৎসা সেৱা ৷
টীয়কৰ বিভিন্ন দল সংগঠন, সামাজিক অনুস্থানৰ সহযোগত বিগত সময়ৰ পৰাই জিলাখনৰ বিভিন্ন স্থানত চিকিৎসা সেৱা আগবঢ়াই আহিছে । উল্লেখযোগ্য যে, কৰ'ণা মহামাৰীৰ সময়তো টীয়ক তথা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত প্ৰায়5 হাজাৰ চেনিটাইজাৰ, 10 হাজাৰ মাস্ক বিতৰণ, বিনামূলীয়া স্বাস্থ্য শিবিৰঅনুস্থিত কৰি বহুসংখ্যক ৰোগীক ঔষধ পাতি যোগান ধৰি আহিছে ৷
টীয়কৰ এগৰাকী চিকিৎসকৰ প্ৰচেষ্টাত বিনামূলীয়া চিকিৎসা সেৱা লগতে পঢ়ক :নাজিৰাৰ 7 টা পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
দেওবাৰে পুনৰ সেৱা ভাৰতী, পূৰ্বাঞ্চল আৰু নেশ্বনেল মেডিকজ অৰ্গেনাইজেচন অসমৰ উদ্যোগত টীয়কৰ বনাই নপমুৱাত বিনামূলীয়া চিকিৎসা শিবিৰ আয়োজন কৰি প্ৰায় তিনি শতাধিক ৰোগীক সহায়ৰ হাত আগবঢ়াইছে । উক্ত শিবিৰটোত কৰ্কট ৰোগ বিশেষজ্ঞডাঃ যদুনাথ বুঢ়াগোহাঁইৰ লগতে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ 5 জনকৈ জ্যেষ্ঠ চিকিৎসকে সহযোগিতা আগবঢ়ায় ৷
উল্লেখযোগ্য যে, চিকিৎসা সেৱা, বিভিন্ন ধৰণৰ সজাগতাৰ সমান্তৰালকৈ চিকিৎসক গৰাকীয়ে আৰ্থিকভাৱে ৰাইজক স্বাৱলম্বী কৰিবলৈ সেৱা ভাৰতী তথা অৰ্নদা ছচিঅ' ইকনমিক হেলথ এছ'চিয়েছনৰ সহযোগত বিভিন্ন কুটীৰ শিল্প, হস্ত শিল্পৰ ওপৰতো আলোকপাত কৰি নিবনুৱা সমস্যা সমাধানৰ পথ সুগম কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ।
লগতে পঢ়ক :হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে বাক্সাত ৰাইজৰ প্ৰতিবাদ