টীয়ক, 21 মাৰ্চঃ যোৰহাটস্থিত ঢেকীয়াখোৱা বৰনামঘৰৰ অক্ষয় বন্তিগছি নুমাই যোৱা বুলি উৰা বাতৰি প্ৰচাৰ কৰা যুৱকক গ্ৰেপ্তাৰ কৰিছে টীয়কৰ আৰক্ষীয়ে । যুৱকজন শিৱসাগৰৰ ভাটি বনগাঁৱৰ প্ৰহ্লাদ দাস বুলি জানিব পৰা গৈছে । শুকুৰবাৰে সন্ধিয়া নামঘৰৰ বন্তিগছি নুমাই যোৱাৰ বাবে সকলোকে বন্তি জ্বলাবলৈ আহ্বান জনাই ফেচবুক পোষ্ট দিছিল যুৱকজনে ।
ঢেকীয়াখোৱা বৰনামঘৰ কাণ্ডত অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ - ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতি আৰু চুতীয়া ছাত্ৰ সন্থাৰ এজাহাৰ
শুকুৰবাৰে নিশা যোৰহাটস্থিত ঢেকীয়াখোৱা বৰনামঘৰৰ অক্ষয় বন্তিগছি নুমাই যোৱা বুলি উৰা বাতৰি প্ৰচাৰ কৰা শিৱসাগৰৰ ভাটি বনগাঁৱৰ প্ৰহ্লাদ দাসক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ সন্ধিয়া নামঘৰৰ বন্তিগছি নুমাই যোৱাৰ বাবে সকলোকে বন্তি জ্বলাবলৈ আহ্বান জনাই ফেচবুক পোষ্ট দি ৰোষত পৰিছিল যুৱকজন ৷ সাংবাদিকৰ সন্মুখতে যুৱকজনে নিজৰ অপৰাধ স্বীকাৰ কৰে আৰু ৰাইজে যি শাস্তি প্ৰদান কৰিব সেয়া মূৰ পাতি লবলৈ সাজু বুলি কয় ৷
![ঢেকীয়াখোৱা বৰনামঘৰ কাণ্ডত অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ ঢেকীয়াখোৱা বৰনামঘৰ কাণ্ডত অভিযুক্তক গ্ৰেপ্তাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6489542-1034-6489542-1584776312529.jpg)
ঢেকীয়াখোৱা বৰনামঘৰ কাণ্ডত অভিযুক্তক গ্ৰেপ্তাৰ
ঢেকীয়াখোৱা বৰনামঘৰ কাণ্ডত অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ
Last Updated : Mar 21, 2020, 4:55 PM IST