অসম

assam

ETV Bharat / state

21’ ৰ নিৰ্বাচনত নট্ আউট হৈ থাকিব ৰূপজ্যোতি কুৰ্মী - কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মী

কলিয়াপানী যুৱ মঞ্চৰ উদ্যোগত কলিয়াপানীত আয়োজিত হোৱা দিবা-নৈশ ক্ৰিকেট প্ৰতিযোগিতাৰ চূড়ান্ত খেলৰ প্ৰাক মূহুৰ্তত ক্ৰিকেটাৰৰ ৰূপত দেখা গ'ল কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীক ৷ প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলৰ প্ৰাক মুহূৰ্তত টীয়ক প্ৰেছ ক্লাৱ আৰু কন্ঠশিল্পী ভৃগু কাশ্যপ দলৰ মাজত এখন প্ৰীতি খেল অনুষ্টিত হয় ৷ ভৃগু কাশ্যপৰ হৈ দলত অংশগ্ৰহণ কৰে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷

teok day night cricket compitition
ক্ৰিকেটাৰ ৰূপত 21 ৰ নিৰ্বাচনত অৱৰ্তীৰ্ণ হ'ব ৰূপজ্যোতি কুৰ্মী

By

Published : Jan 12, 2021, 3:41 PM IST

টীয়ক, 12 জানুৱাৰী : 21 ৰ নিৰ্বাচনীক খেলখনত নট আউট হৈ থাকিব মৰিয়নী সমষ্টিৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মী ৷ 21 ৰ অসম বিধান সভা নিৰ্বচনক ক্ৰিকেটৰ সৈতে তুলনা কৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷

সোমবাৰে বৃহত্তৰ কলিয়াপানী যুৱ মঞ্চৰ উদ্যোগত কলিয়াপানীত আয়োজিত হোৱা দিবা-নৈশ ক্ৰিকেট প্ৰতিযোগিতাৰ চূড়ান্ত খেলৰ প্ৰাক মূহুৰ্তত টীয়ক প্ৰেছ ক্লাৱ আৰু কন্ঠশিল্পী ভৃগু কাশ্যপৰ মাজত এখন প্ৰীতি খেল অনুষ্টিত হয় ৷ ভৃগু কাশ্যপৰ হৈ দলত অংশগ্ৰহণ কৰে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷

ক্ৰিকেটাৰ ৰূপ দেখা গ'ল কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীক

খেলখনত অংশ গ্ৰহণ কৰিয়েই বিধায়ক গৰাকীয়ে সাংবাদিক সম্বোধন কৰে ৷ তেওঁ কয়, 'মই যিদৰে আজি ক্ৰিকেট খেলত নট আউট হৈ ৰ'লো, ঠিক সেইদৰে ২০২১ চনৰ নিৰ্বাচনতো মই নট আউট হৈ থাকিম ।'

উল্লেখ্য যে, খেলখনত মৰিয়নীৰ বিধায়ক কুৰ্মীয়ে প্ৰথমে বলিং কৰি নিজৰ দক্ষতা প্ৰদৰ্শন কৰে । অৱশ্যে বলিঙত উইকেট দখল কৰিব নোৱাৰিলেও মিতব্যয়ী আছিল কুৰ্মী । ইয়াৰ বিপৰীতে দলৰ হৈ বেটিং মুকলি কৰিবলৈ অহা বিধায়ক গৰাকীয়ে এটা দিশত নিজ দক্ষতাৰে খোপনি পুতি খেলৰ শেষলৈকে নট আউট হৈ থাকে ৷

ক্ৰিকেটাৰ ৰূপত 21 ৰ নিৰ্বাচনত অৱৰ্তীৰ্ণ হ'ব ৰূপজ্যোতি কুৰ্মী

খেলখনত ভৃগু কাশ্যপৰ দলক ৮৬ টাৰ্গেট বান্ধি দিছিল টীয়ক প্ৰেছ ক্লাৱে ৷ কিন্তু সেই টাৰ্গেট অতিক্ৰম কৰিবলৈ সক্ষম নহয় ভৃগু কাশ্যপৰ দলে ৷

লগতে পঢ়ক: নিৰ্বাচনী প্ৰস্তুতিৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোডী

ABOUT THE AUTHOR

...view details