টীয়ক, 28 ছেপ্টেম্বৰ:টীয়কত মহামাৰী কৰ’ণা ভাইৰাছৰ পৰা পৰিত্ৰাণ সন্দৰ্ভত আয়োজন কৰা হয় এক সজাগতাৰ সভা । এই সজাগতা সভাত টীয়কৰ বিভিন্ন স্থানত মাস্ক, ছেনিটাইজাৰ বিতৰণ কৰা পৰিলক্ষিত হৈছে ৷
উল্লেখ্য যে, 'ৰেঙনি এটি আশা'ৰ উদ্যোগত তথা অৰ্ণদা চছিঅ' ইকনমিক হেলথ এছ'চিয়েছনৰ সহযোগত টীয়কৰ তামূলীচিগা দুলীয়া গাঁৱৰ নামঘৰত আয়োজন কৰা হয় এই সজাগতা সভা । এই সজাগতা সভাত উপস্থিত থাকে কৰ্কট ৰোগ বিশেষজ্ঞ টীয়কৰ সন্তান ডা: যদুনাথ বুঢ়াগোহাঁই, যোৰহাট জিলা সাংবাদিক সন্থাৰ সভাপতি ৰিজু কুমাৰ শইকীয়া । ইপিনে উক্ত সভাত দক্ষিণপাট আশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী বিশেষভাৱে উপস্থিত থাকি আধ্যাত্মিকতা ভাৱধাৰাৰ মাজেৰে স্বাস্থ্য সম্বন্ধীয় সজাগতাৰ ওপৰত মন্তব্য আগবঢ়ায় ।