অসম

assam

By

Published : Jan 22, 2020, 5:18 PM IST

ETV Bharat / state

"কা" বিৰোধী আন্দোলনত অসমীয়া ৰাইজে এখোজ ন্যায় পাইছেঃ ৰিপুন বৰা

টীয়কত কংগ্ৰেছৰ অস্তিত্ব ৰক্ষাৰ জনজাগৰণ যাত্ৰাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা ৷ নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি কংগ্ৰেছ নেতাগৰাকীৰ ৷

Teok congress meeting
"কা" বিৰোধী আন্দোলনখনত প্ৰথম জয় অসমীয়াৰঃ ৰিপুন বৰা

টীয়ক, 22 জানুৱাৰীঃ মহামান্য উচ্চতম ন্যায়ালয়ে কা সন্দৰ্ভত অসম আৰু ত্ৰিপুৰা বাবে বেলেগে শুনানি হ'ৱ বুলি দিয়া ৰায়ত সন্তুষ্টি প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই ৷ এই সন্দৰ্ভত নিজৰ মতামত ব্যক্ত কৰি কয় যে, "অসমীয়া ৰাইজে এখোজ ন্যায় পাইছে।" লগতে কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল নকৰা সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰি সভাপতিগৰাকীয়ে কয় যে, বিজেপি দলে উচ্চতম ন্যায়ালয়ত কংগ্ৰেছৰ "কা" বিৰোধী শপতনামাত অসমীয়া পৰিচয় সন্দৰ্ভত উল্লেখ নাই বুলি যি অপবাদ দিছে সেয়া সম্পূৰ্ণ মিছা কথা ৷

"কা" বিৰোধী আন্দোলনখনত প্ৰথম জয় অসমীয়াৰঃ ৰিপুন বৰা

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন প্ৰত্যাহাৰৰ দাবী, ছয় জনগোষ্ঠীক জনজাতিকৰণ আৰু চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত আজি যোৰহাট জিলা কংগ্ৰেছৰ উদ্যোগত টীয়ক সমষ্টি ভিত্তিক এক বিশাল প্ৰতিবাদী সভা অনুষ্ঠিত হয় । অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা উপস্থিত থকা এই প্ৰতিবাদী সভাত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত কংগ্ৰেছ দলে অহৰহ প্ৰতিবাদ জনাই আছে আৰু বাতিল নোহোৱা পৰ্যন্ত প্ৰতিবাদ চলাই যাব বুলি হুংকাৰ প্ৰদান কৰে ।

লগতে পঢ়কঃ উচ্চমত ন্যায়ালয়ত CAAৰ শুনানি সম্পন্নঃ অসম আৰু ত্ৰিপুৰাৰ ক্ষেত্ৰত পৃথককৈ হ'ব শুনানি

ABOUT THE AUTHOR

...view details