অসম

assam

ETV Bharat / state

টীয়কত শতাধিক যুৱক-যুৱতীৰ কংগ্ৰেছত যোগদান

শতাধিক যুৱক-যুৱতীয়ে কংগ্ৰেছ দলৰ আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ তথা বৰ্তমান মিত্ৰজোঁটৰ কেতবোৰ কাম কাজত অসন্তুষ্টি প্ৰকাশ কৰি আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে ৷

Teok congress joining one hundred youth
টীয়ক কলিয়পানী ব্লক যুৱ কংগ্ৰেছৰ উদ্যোগত শতাধিক যুৱক-যুৱতীৰ কংগ্ৰেছত যোগদান

By

Published : Sep 6, 2020, 7:47 PM IST

টীয়ক,6 ছেপ্তেম্বৰঃ টীয়ক কলিয়াপানী ব্লক যুৱ কংগ্ৰেছৰ উদ্যোগত টীয়কস্থিত কলিয়পানী ব্লক কংগ্ৰেছ ভৱনত শতাধিক যুৱক-যুৱতীয়ে আনুষ্ঠানিকভাৱে দেওবাৰে কংগ্ৰেছ দলত যোগদান কৰে । অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদিকা পল্লৱী শইকীয়া গগৈৰ নেতৃত্বত টীয়ক,জাঁজীমুখ,জেলঙিটোপ,জগদুৱাৰ,বামুনপুখুৰী,জগদুৱাৰ বাগানকে আদি কৰি অঞ্চলটোৰ প্ৰায় শতাধিক যুৱক-যুৱতীয়ে কংগ্ৰেছ দলৰ আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ তথা বৰ্তমান মিত্ৰজোঁটৰ কেতবোৰ কাম কাজত অসন্তুষ্টি প্ৰকাশ কৰি আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে ।

কলিয়াপানী ব্লক যুৱ কংগ্ৰেছ কমিটীৰ সভাপতি যতীন বৰাৰ সভাপতিত্বত অনুস্থিত হোৱা যোগদান অনুষ্ঠানটিত যোৰহাট জিলা কংগ্ৰেছৰ সভাপতি পাৰ্থ প্ৰতীম গগৈ,টীয়ক সমষ্টিৰ প্ৰবীন কংগ্ৰেছী তথা জ্যেষ্ঠ নেতা টুনী দত্ত,টীয়ক সমষ্টিৰ যুৱ কংগ্ৰেছ সমিতিৰ সভাপতি উত্তৰণ বুঢ়াগোহাঁইকে ধৰি ভালেসংখ্যক বিষয়ববীয়া উপস্থিত থাকে । উল্লেখযোগ্য যে,যোৱা সপ্তাহতো টীয়ক ব্লক যুৱ কংগ্ৰেছ কমিটিৰ উদ্যোগত প্ৰায় শতাধিক লোকে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰিছিল । এই সভাতে অগপ ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰা কেইবাজনো ব্যক্তিয়ে অগপ দলৰ কৰ্মকাণ্ডক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে সিংহযুৱক ললিত চন্দ্ৰ ৰাজখোৱা স্মৃতি ভৱনৰ জৰাজীৰ্ণ অৱস্থাৰ সন্দৰ্ভতো ক্ষোভ প্ৰকাশ কৰি সভাত মন্তব্য আগবঢ়ায় ।

টীয়ক কলিয়পানী ব্লক যুৱ কংগ্ৰেছৰ উদ্যোগত শতাধিক যুৱক-যুৱতীৰ কংগ্ৰেছত যোগদান

লগতে পঢ়কঃ গোৱালপাৰাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত লুণ্ঠনৰ অভিযোগ

ABOUT THE AUTHOR

...view details