টীয়ক, ৫ ফেব্ৰৰুৱাৰী: যোৰহাট জিলাৰ অন্যতম আধুনিক শিক্ষাৰ বাটকটীয়া টীয়ক চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ৰ হীৰক জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ বৰ্ষজোৰা বিভিন্ন কাৰ্যসূচীৰ লগত সংগতি ৰাখি মহাবিদ্যালয়খনৰ খেলপথাৰত শুকুৰবাৰৰ পৰা এখন আন্ত:ক্লাৱ ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে । উক্ত প্ৰতিযোগিতাখনত জিলাখনৰ ৩২ টা দলে যোগদান কৰিছে বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে ।
উদ্বোধনী খেলখন টীয়ক চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয় বনাম জ্ঞানপীঠ একাডেমি টীয়কৰ মাজত অনুষ্ঠিত হয় । মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিজয় কৃষ্ণ পাচনিৰ উপস্থিতিত ক্ৰীড়া সংগঠক ননী দত্তই খেলুৱৈসকলৰ লগত আনুষ্ঠানিকভাৱে খেলখনৰ শুভাৰম্ভণিৰ কৰে ।