টীয়ক, 8 জুনঃ পখিলা খেদাৰ বয়সতে বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হৈ প্ৰায় তিনিটা বছৰ শয্যাশয়ী হৈ থাকিবলগীয়া হোৱা টীয়কৰ মেলেং মেটেলীৰ নীহাৰ বৰবৰুৱাৰ নামৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰজনক উন্নত চিকিৎসাৰ বাবে অৱশেষত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ উল্লেখ্য যে দুখীয়া পৰিয়ালটোৱে দীৰ্ঘদিন ধৰি শিশুটিৰ চিকিৎসাৰ নামত বহু ধন ব্যয় কৰিলে যদিও আৰোগ্য নহ'ল ৷ ঘৰৰ সা-সম্পত্তি বিক্ৰী তথা ৰাইজে আগবঢ়োৱা ধনেৰে চিকিৎসা কৰি কোনো সুফল নোপোৱাত পিতৃ দিলীপ বৰবৰুৱা আৰু মাতৃ ৰূপা বৰবৰুৱা ৷
হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাঃ জি এম চিত টীয়কৰ অসুস্থ কণমানিৰ চিকিৎসা - মেলেং মেটেলী
মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত নীহাৰৰ চিকিৎসাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে ৷ ইতিমধ্যে যোৰহাট জিলাৰ উপায়ুক্তই এম্বুলেঞ্চৰ ব্যৱস্থা কৰি দি শুকুৰবাৰে সদ্ধিয়া নীহাৰক গুৱাহাটীলৈ প্ৰেৰণ কৰিছে ৷
নিহাৰ বৰবৰুৱা
দুৰ্ভগীয়া শিশুটিৰ বিষয়ে সবিস্তাৰে ইটিভি ভাৰতত বাতৰি প্ৰচাৰ হোৱাৰ পাছত বহু দল-সংগঠনৰ লগতে বহু সহৃদয় লোকে নীহাৰৰ চিকিৎসাৰ বাবে সাহাৰ্য আগবঢ়ায় । শেহতীয়াকৈ মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত নীহাৰৰ চিকিৎসাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে ৷ ইতিমধ্যে যোৰহাট জিলাৰ উপায়ুক্তই এম্বুলেঞ্চৰ ব্যৱস্থা কৰি দি শুকুৰবাৰে সদ্ধিয়া নীহাৰক গুৱাহাটীলৈ প্ৰেৰণ কৰিছে ৷ সকলোৰে এতিয়া আশা-শীঘ্ৰেই সুস্থ হৈ উঠিব শিশুটি ৷