অসম

assam

ETV Bharat / state

পখিলা খেদা বয়সতে জটিল ৰোগত আক্ৰান্ত টীয়কৰ এটি কণমানি - জীৱনৰ মাত্ৰ

জীৱনৰ মাত্ৰ ৪টা বছৰ অতিক্ৰম কৰা টীয়কৰ এটি কণমানিৰ জীৱনলৈ নামি আহিছে অমানিশা । জটিল ৰোগত আক্ৰান্ত হৈছে জুনেদুৰ ৰহমান নামৰ কণমানিটো । পুত্ৰৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ অপাৰগ দিন-হাজিৰা কৰা পিতৃ । স্বাস্থ্য মন্ত্ৰী আৰু ৰাইজক সহায়ৰ আহ্বান জনাইছে অসহায় পিতৃ-মাতৃয়ে ।

জটিল ৰোগত আক্ৰান্ত টীয়কৰ কণমানি জুনেদুৰ ৰহমান
জটিল ৰোগত আক্ৰান্ত টীয়কৰ কণমানি জুনেদুৰ ৰহমান

By

Published : Nov 29, 2020, 2:31 PM IST

টীয়ক, ২৯ নৱেম্বৰ: জটিল ৰোগে ৰং কাঢ়ি নিছে টীয়কৰ এটি কণমানিৰ জীৱনৰ পৰা । প্ৰায় ২ বছৰ ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছে টীয়কৰ কাকজান আৰন্ধৰা গাঁৱৰ জুনেদুৰ ৰহমান নামৰ এটি ৪ বছৰীয়া শিশু । দিন-হাজিৰা কৰি পৰিয়াল পোহপাল দি অহা পিতৃ ফৰিদুৰ ৰহমানে দুটা বছৰে আত্মীয় আৰু ৰাইজৰ সহযোগত পাৰ্যমানে পুত্ৰৰ চিকিৎসা কৰোৱাইছে । কিন্তু এতিয়া অসহায় হৈ পৰিছে জুনেদুৰৰ পিতৃ-মাতৃ। ক্ৰমান্বয়ে ৰোগে জটিল পৰ্যায় পাইছে । চিকিৎসকে শীঘ্ৰে অসমৰ বাহিৰলৈ নি অস্ত্ৰোপচাৰৰ ব্যৱস্থা কৰিবলৈ পৰামৰ্শ দিছে ।

জটিল ৰোগত আক্ৰান্ত টীয়কৰ কণমানি জুনেদুৰ ৰহমান

কিন্তু উন্নত চিকিৎসাৰ বাবে বহিঃৰাজ্যলৈ নিবলৈ যথেষ্ট ধনৰ প্ৰয়োজন হ'ব। দিন-হাজিৰা কৰা ফৰিদুৰ ৰহমানে প্ৰয়োজনীয় ধন যোগাৰ কৰিব নোৱাৰি অসহায় হৈ পৰিছে । এফালে পুত্ৰস্নেহ, আনফালে আৰ্থিক দুৰ্বলতা । কণমানিটোৰ চিকিৎসাৰ ব্যয় বহন কৰিব নোৱাৰি এতিয়া স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাইজৰ ওচৰত সহায়ৰ বাবে কাতৰ আহ্বান জনাইছে কণমানিটোৰ পিতৃ-মাতৃয়ে ।

যদি কোনো সদাশয় ব্যক্তিয়ে বা অনুষ্ঠানে সহায় কৰিব বিচাৰে তেন্তে পিতৃ ফৰিদুৰ ৰহমানৰ একাউণ্ট নম্বৰ 0803010278126, IFSC-UTBI0KKJG41ত অথবা 7636845621 আৰু 7002073084 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে । খেল-ধেমালি কৰা বয়সতে জটিল ৰোগৰ সৈতে যুঁজ দিবলগীয়া হোৱা কণমানি জুনেদুৰ চৰকাৰ তথা ৰাইজৰ আশীৰ্বাদত সুস্থ হৈ উঠিব বুলি আশা কৰিছে পিতৃ-মাতৃয়ে ।

লগতে পঢ়ক:জুইৰ উম লওঁতেই অগ্নিদগ্ধ হ’ল মহিলা

ABOUT THE AUTHOR

...view details