অসম

assam

ETV Bharat / state

টীয়ক আৰক্ষীৰ বিৰুদ্ধে উৎকোচ দাবীৰ অভিযোগ - টীয়ক আৰক্ষীৰ বিৰুদ্ধে উৎকোচ দাবীৰ অভিযোগ

টীয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে উৎকোচ দাবীৰ দৰে গুৰুতৰ অভিযোগ টিয়কৰে এজন সাঁচী ব্যৱসায়ীৰ ৷

টীয়ক আৰক্ষীৰ বিৰুদ্ধে উৎকোচ দাবীৰ অভিযোগ

By

Published : Nov 6, 2019, 1:07 PM IST

টীয়ক,6 নৱেম্বৰ: টীয়ক আৰক্ষী থানাৰ লজ্জাজনক কাৰ্য ৷ টীয়ক আৰক্ষীৰ বিৰুদ্ধে উৎকোচ দাবী কৰাৰ অভিযোগ এজন সাঁচী ব্যৱসায়ীৰ ৷ যোৱা ৩১ অক্টোবৰৰ নিশা টীয়ক আৰক্ষীয়ে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আবিদুৰ ৰহমান নামৰ এজন সাঁচি ব্যৱসায়ীৰ AS-O3Z-3668 নম্বৰৰ এখন মাৰুতি আৰ্টিকা গাড়ী জব্দ কৰে ৷ গাড়ীখন এৰি দিয়াৰ বাবদ টীয়ক থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে দুই লক্ষাধিক টকা দাবী কৰাৰ অভিযোগ তুলিছে ব্যৱসায়ীজনে। ভুক্তভোগী ব্যৱসায়ী আবিদুৰৰ মতে টীয়ক থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে গাড়ীখন মোকলাই দিয়াৰ বাবদ দুই লক্ষাধিক টকা দাবী কৰিছিল ৷ কিন্তু ব্যৱসায়ীজনে দুই লাখ টকা দিবলৈ সমৰ্থ নোহোৱাত অৱশেষত এক লাখ টকাত মান্তি হয় আৰক্ষী বিষয়াজন ৷ বৰ্তমান ঘটনা সন্দৰ্ভত পৰিয়ালটোৱে ইতিমধ্যে আৰক্ষী অধীক্ষকৰ ওচৰত উক্ত অভিযোগৰ ভিত্তিত এজাহাৰ দাখিল কৰিছে ।

টীয়ক আৰক্ষীৰ বিৰুদ্ধে উৎকোচ দাবীৰ অভিযোগ

For All Latest Updates

TAGGED:

Kanu123

ABOUT THE AUTHOR

...view details