অসম

assam

ETV Bharat / state

যাতায়াতৰ দুৰাৱস্থাই যমৰ যাতনা ভোগাইছে টীয়কবাসীক - দলং নিৰ্মাণ

টীয়কত দলং নিৰ্মাণৰ ২ বছৰৰ পিছতো নৈৰে বিপদসংকুল যাত্ৰা ৰাইজৰ। টীয়কৰ পুথি নদীৰ ওপৰত নিৰ্মাণ কৰা বলমা-আখৈদিছা সংযোগী দলংখনৰ দুয়োটা মূৰ এতিয়াও উন্মুক্ত হৈ আছে। যাতায়াতৰ নামত হাৰাশাস্তি ভূগিবলগীয়া হৈছে স্থানীয় ৰাইজে।

যাতায়াতৰ দুৰাৱস্থাই যমৰ যাতনা ভোগাইছে টীয়কবাসীক
যাতায়াতৰ দুৰাৱস্থাই যমৰ যাতনা ভোগাইছে টীয়কবাসীক

By

Published : Oct 9, 2020, 1:22 PM IST

টীয়ক, ৯অক্টোবৰ: দলং থাকিও নৈৰে বিপদসংকুল যাত্ৰা কৰিবলগীয়া হৈছে টীয়কৰ বলমা আৰু আখৈদিছাবাসীয়ে। দলংখনৰ দুয়োটা মূৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ নোহোৱাৰ বাবে যমৰ যাতনা ভূগিবলগীয়া হৈছে স্থানীয় ৰাইজে। ২০১৮ চনৰ ফেব্ৰুৱাৰী মাহতে ৰাইজৰ সুবিধাৰ্থে পুথি নদীৰ ওপৰত বহু প্ৰত্যাশিত বলমা-আখৈদিছা সংযোগী এই দলংখনৰ আধাৰশিলা স্থাপন কৰিছিল স্থানীয় বিধায়িকাই। ক্ষীপ্ৰতাৰে দলংখনৰ নিৰ্মাণৰ কামো সম্পূৰ্ণ হ'ল।

যাতায়াতৰ দুৰাৱস্থাই যমৰ যাতনা ভোগাইছে টীয়কবাসীক

কিন্তু এই পৰ্যন্ত দলংখন ৰাইজৰ ব্যৱহাৰৰ উপযোগী হৈ নুঠিল। কিয়নো, দলংখনৰ দুই মূৰ আজিও উন্মুক্ত হৈ আছে। উপায়হীন হৈ নৈৰে অহা-যোৱা কৰিবলগীয়া হৈছে। এতিয়া নৈৰ পানী কম হৈ থকা বাবে যাতায়াত সম্ভৱ হৈছে যদিও বাৰিষা নৈৰে যাতায়াত কৰাতো বাধা আহি পৰিব। ফলত যাতায়াত স্তব্ধ হোৱাৰ সম্ভাৱনা অধিক। সেয়ে, উন্মুক্ত মূৰ দুটা সম্পূৰ্ণ কৰি দিবলৈ বিভিন্ন দল সংগঠন স্থানীয় ৰাইজে চৰকাৰ তথা বিভাগীয় মুৰব্বীক দাবী জনাই আহিছে যদিও কোনো গুৰুত্ব প্ৰদান কৰা নাই। সেয়ে পুনৰবাৰ সমগ্ৰ বিষয়টোত গুৰুত্ব সহকাৰে বিবেচনা কৰি ৰাইজৰ যাতায়াতৰ পথ সুগম কৰিবলৈ আহ্বান জনাইছে ৰাইজে।

লগতে পঢ়ক: ৰাজস্থান চৰকাৰৰ আবেদনক খাৰিজ উচ্চতম ন্যায়ালয়ৰ

ABOUT THE AUTHOR

...view details