টীয়ক, 20 জানুৱাৰী: যোৰহাট জিলাত পূৰ্ণ গতিত চলিছে ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কাম। কামৰ লগে লগে ভাঙি ছিঙি পেলোৱা হৈছে এটাৰ পাছত আন এটা ঐতিহাসিক কৃতিচিহ্ন। টীয়ক নগৰৰ ১ নং ৱাৰ্ডত অৱস্থিত মুদৈজান নদীৰ ওপৰত নিৰ্মাণ কৰি থকা দলং খনৰ বাবে সলনি কৰা হৈছে নদীৰ গতিপথ ৷ যাৰ বাবে ভাবুকি কঢ়িয়াই আনিছে ঐতিহাসিক কমলাবাৰী শাখা সত্ৰৰ তোৰণ আৰু খতিয়া চুক পথলৈ।
ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণে ভাবুকি মাতিছে টীয়কৰ আবাসিক অঞ্চললৈ - Teok bridge construction problem
যোৰহাট জিলাত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কাম পূৰ্ণ গতিত চলাই থকাৰ মাজতে মুদৈজান নদীৰ ওপৰত নিৰ্মাণ কৰা দলঙৰ বাবে জিলা প্ৰশাসন আৰু বিভাগীয় কৰ্তৃপক্ষৰ সহযোগত নদীৰ গতিপথ সলনি কৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় লোকসকল ৷
ইফালে নদীৰ গতিপথ সলনি কৰাত কেইবাখনো গাঁও সংযোগী যাতায়তৰ একমাত্ৰ পথটি বাৰিষাৰ বানে উটুৱাই নিয়াটো সেয়া খাটাং হৈ পৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় লোক সকল ৷ এটাৰ পাছত আন এটা ঐতিহাসিক কৃতিচিহ্ন ধ্বংস কৰাৰ পাচত স্থানীয় লোক সকলে কয় যে,উন্নয়ন সকলোৰে কাম্য কিন্তু পুৰাণি কৃতিচিহ্ন ধ্বংস কৰি উন্নয়ন কোনেও নিবিচাৰে ৷ সেয়ে অঞ্চলৰ ৰাইজে ঐতিহাসিক সমলসমূহৰ ৰক্ষাৰ স্বাৰ্থত জিলা প্ৰশাসন আৰু বিভাগীয় কৰ্তৃপক্ষক লিখিত অভিযোগ দাখিল কৰাৰ লগতে ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ।
লগতে পঢ়ক:অসমত বসবাস কৰা বড়ো,আদিবাসী,নেপালী সকলোৱে খিলঞ্জীয়া : মন্ত্রী ৰঞ্জিত দত্ত