টীয়ক,21 এপ্ৰিলঃ লক ডাউনে অন্যান্য ক্ষেত্ৰৰ লগতে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ জীৱনলৈও নমাই আনিছে বিপৰ্যয় ৷ লক ডাউন অব্যাহত আছে যদিও চাহ উদ্যোগৰ বৃহৎ লোকচানৰ প্ৰতি লক্ষ্য ৰাখি কেতবোৰ নীতি নিৰ্দেশনাৰ মাজেৰে চাহ বাগিচা আৰু কলঘৰসমূহ মুকলি কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে চৰকাৰে ৷ কিন্তু ইয়াৰ বিপৰীতে ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰতি ৰাজ্য চৰকাৰে আজি পৰ্যন্ত গ্ৰহণ কৰা নাই ফলপ্ৰসু সিদ্ধান্ত ৷
ইয়াৰ মাজতে টীয়কৰ এজন ক্ষুদ্ৰ চাহ খেতিয়কে কঢ়িয়াই আনিছে আশাৰ বতৰা ৷ টীয়কৰ মন্টু বুঢ়াগোঁহাই নামৰ খেতিয়কজনে নিজৰ চাহ বাগিচাৰ কেঁচা চাহপাত ছিঙি ঘৰৰ জুহালতে প্ৰস্তুত কৰিছে চাহ ৷ চিম্ফু সকলে প্ৰস্তুত কৰাৰ আৰ্হিত ফানাপ,ব্লেক টি, চি টি চি,অৰ্থডক্স আদি বিভিন্ন প্ৰকাৰৰ চাহ নিজৰ ঘৰতে প্ৰস্তুত কৰি উলিয়াইছে যুৱকজনে ৷