টীয়ক,16 ছেপ্টেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭০ সংখ্যক জন্ম দিনৰ লগত সংগতি ৰাখি বুধবাৰে টীয়কত এক ৰক্তদান শিবিৰৰ আয়োজন কৰা হয় ৷ বিজেপিৰ জিলা যুৱ মৰ্চাৰ এই ৰক্তদান শিবিৰত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টিৰ উপ সভাপতি জয়ন্ত মল্ল বৰুৱা,ৰাষ্ট্ৰীয় কৃষি বিপণন পৰিষদৰ অধ্যক্ষ পালিত কুমাৰ বৰা প্ৰমুখ্যে ভালেসংখ্যক দলীয় নেতা কৰ্মী ৷
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ লগত সংগতি ৰাখি 'সেৱা সপ্তাহ' পালন - বিজেপি
মোদীৰ ৭০ সংখ্যক জন্ম দিনৰ লগত সংগতি ৰাখি বুধবাৰে টীয়কত এক ৰক্তদান শিবিৰৰ আয়োজন কৰা হয় ৷ আছু আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত যি ৰাজনৈতিক দল গঠন হৈছে সেয়া আদৰণি জনায় ভাৰতীয় জনতা পাৰ্টিৰ উপ সভাপতি জয়ন্ত মল্ল বৰুৱাই ৷
![প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ লগত সংগতি ৰাখি 'সেৱা সপ্তাহ' পালন প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ লগত সংগতি ৰাখি 'সেৱা সপ্তাহ' পালন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8819598-thumbnail-3x2-hgbb.jpg)
এই ৰক্তদান কাৰ্যসূচীত প্ৰায় শতাধিক সদস্যই ৰক্তদান কৰা পৰিলক্ষিত হৈছে ৷ উল্লেখযোগ্য যে, এই অনুষ্ঠানত উপসভাপতিগৰাকীয়ে সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাতত আছু আৰু জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত যি ৰাজনৈতিক দল গঠন হৈছে সেয়া তেওঁ আদৰণি জনোৱাৰ লগতে কোনো কাৰণতে এই দলে নিৰ্বাচনত বিজেপি দলত প্ৰভাৱ নেপেলায় বুলিও দাবী কৰে ৷ লগতে কংগ্ৰেছ এ আই ইউ ডি এফৰ মিত্ৰতাই উজনিত বিজেপিক বিশেষভাৱে সহায় কৰিব বুলিও উপ সভাপতিগৰাকীয়ে মন্তব্য কৰে । ইপিনে, অহা ২১ৰ নিৰ্বাচনতো ৰাষ্ট্ৰীয় নেতৃত্বৰ নিৰ্দেশমৰ্মে বিগত বৰ্ষৰ দৰে সৰু বৰ সকলো দলৰ লগতে মিত্ৰতা অটুত ৰাখি নিৰ্বাচনত বিজেপি দলৰ জয়যাত্ৰা অব্যাহত থাকিব বুলি মত প্ৰকাশ কৰে ।
লগতে পঢ়ক :টিংখাঙত শিশুৰ নামত অহা খাদ্যৰ অপচয়