যোৰহাট, 4 অক্টোবৰঃদুৰ্গা পূজাৰ বন্ধ আৰম্ভ হোৱাৰ আগতেই টীয়কৰ কলীয়াপানী উন্নয়ন খণ্ড কাৰ্যালয়ত নাই বিষয়া-কৰ্মচাৰী ৷ অসম চৰকাৰৰ একাংশ দায়িত্বহীন কৰ্মচাৰীয়ে নিজে নিজে চুটী ঘোষণা কৰি ব্যস্ত হৈ পৰিছে পূজাৰ আনন্দত ৷ ষষ্ঠী পূজাৰ দিনা অসম চৰকাৰৰ অন্যতম গুৰুত্বপূৰ্ণ কাৰ্যালয় কলীয়াপানী উন্নয়ন খণ্ড কাৰ্যালয়ৰ 14 জন স্থায়ী কৰ্মচাৰীৰ মাত্ৰ 2 জনৰহে উপস্থিত থকা দেখিবলৈ পোৱা যায় ৷ দুপৰীয়া 12 বজাত উপস্থিত হোৱা একাংশ কৰ্মচাৰী সাংবাদিকৰ কেমেৰা দেখি অস্বস্তিত পৰা পৰিলক্ষিত হয় ৷
পুনৰ ওলাল চৰকাৰী কৰ্মচাৰীৰ প্ৰকৃত স্বৰূপ - পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ ঠিকাভিত্তিক কৰ্মচাৰী
দুৰ্গা পূজাৰ বন্ধ আৰম্ভ নোহোৱাতেই টীয়কৰ কলীয়াপানী উন্নয়ন খণ্ড কাৰ্যালয়ত নাই বিষয়া-কৰ্মচাৰী ৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ ঠিকাভিত্তিক কৰ্মচাৰী সকলে ন্যায্য প্ৰাপ্তিৰ দাবীত চতুৰ্থ দিনাও কৰ্মবিৰতি পালন কৰিছে যদিও এই পৰ্যন্ত চৰকাৰৰ কোনো সহাঁৰি লাভ কৰা নাই ৷
পুনৰ ওলাল চৰকাৰী কৰ্মচাৰীৰ প্ৰকৃত স্বৰূপ
ইফালে পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ ঠিকাভিত্তিক কৰ্মচাৰী সকলে ন্যায্য প্ৰাপ্তিৰ দাবীত চতুৰ্থ দিনাও কৰ্মবিৰতি পালন কৰিছে যদিও এই পৰ্যন্ত চৰকাৰৰ কোনো সহাঁৰি লাভ কৰা নাই ৷ মুঠতে উন্নয়ন খণ্ডৰ একাংশ স্থায়ী কৰ্মচাৰীয়ে নিজে বন্ধ লোৱাৰ বিপৰিতে এফালে ঠিকাভিত্তিক কৰ্মচাৰীসকলে কৰ্মবিৰতি পালন কৰিছে যাৰ ফলস্বৰূপে দুৰ্ভোগ ভোগ কৰিছে সাধাৰণ জনতাই ৷