অসম

assam

By

Published : Mar 22, 2021, 8:37 PM IST

ETV Bharat / state

বাটৰ নাটেৰে টীয়কত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ

বিগত পাঁচটা বছৰত বিজেপি চৰকাৰে সমগ্ৰ অসমতে বাট-পথ, দলং নিৰ্মাণ, ব্যৱসায়, কৃষি, শিক্ষা, চাকৰি আদিৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে জন সাধাৰণক বাটৰ নাটৰ জৰিয়তে অৱগত কৰি পুনৰ ৰাইজক উপকৃত হ'বলৈ বিজেপিৰ পক্ষত ভোটদান কৰিবলৈ আহ্বান জনায় ।

Teok bjp street play
বাটৰ নাটেৰে টীয়কত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ

টীয়ক,22 মাৰ্চ: নিৰ্বাচনত জয়ী হ'বলৈ প্ৰতিটো ৰাজনৈতিক দলে ন ন কৌশল অৱলম্বন কৰিছে । ৰাজ্যৰ বিভিন্ন সমষ্টিত শাসনাধিষ্ঠ বিজেপি দলে এইবাৰ বাটৰ নাট প্ৰদৰ্শন কৰি ভোটাৰক আকৃষ্ট কৰিবলৈ চেষ্টা কৰিছে । টীয়কৰ ৰাজ্যিক বিজেপিৰ সাংস্কৃতিক কোষৰ উদ্যোগত অসমৰ প্ৰায়বোৰ সমষ্টিতে চৰকাৰৰ বিভিন্ন অভিলাষী আঁচনি নাটৰ আকাৰে ৰাইজৰ মাজলৈ নিবলৈ তথা আঁচনিৰ স্বচ্ছতা শুদ্ধ ৰূপত উপস্থাপন কৰি ৰাইজক অৱগত কৰিবলৈ চেষ্টা কৰিছে ।

বিগত পাঁচটা বছৰত বিজেপি চৰকাৰে সমগ্ৰ অসমতে বাট-পথ, দলং নিৰ্মাণ, ব্যৱসায়, কৃষি, শিক্ষা, চাকৰি আদিৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে জন সাধাৰণক অৱগত কৰি পুনৰ ৰাইজ উপকৃত হ'বলৈ বিজেপিৰ পক্ষতে ভোটদান কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক :প্ৰতিশ্ৰুতি নহয়, গেৰাণ্টিৰ সৈতে কলিয়াবৰত প্ৰিয়ংকা গান্ধী

ABOUT THE AUTHOR

...view details