অসম

assam

By

Published : Jul 6, 2020, 10:41 AM IST

ETV Bharat / state

টীয়কত বিজেপিৰ জনসম্পৰ্ক কাৰ্যসূচী

টীয়ক সমষ্টিৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ ঘৰে ঘৰে উপস্থিত হৈছে যুৱনেতা দেৱজিত বৰুৱা ৷

Teok bjp program
টীয়কত বিজেপিৰ জনসম্পৰ্ক কাৰ্যসূচী

টীয়ক, 6 জুলাই : ক'ৰণা আতংকৰ মাজতেই ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজত ২০২১ৰ বিধানসভা নিৰ্বাচনক লৈ বিশেষ তৎপৰতা পৰিলক্ষিত হৈছে । শাসকীয় বিজেপি দলৰ প্ৰতিটো স্তৰৰ সদস্যই এতিয়া মহামাৰীৰ সময়ত আৰ্তজনৰ কাষত থিয় হৈছে । ইয়াৰ মাজতে শাসনৰ বাঘজৰীৰ সুবিধা লৈ বিজেপি দলৰ নেতা পালিনেতা তথা দলীয় কৰ্মী নামি পৰিছে আগন্তক নিৰ্বাচনৰ বাবে দলীয় ভেটি গঢ়াত । আৰম্ভ কৰিছে জনসম্পৰ্ক কাৰ্যসূচী য'ত বিজেপি দলৰ সক্ৰিয় নেতাই ৰাজ্যিক বিজেপিৰ নিৰ্দেশমৰ্মে দায়িত্বত থকা নিজ নিজ অঞ্চলৰ ৰাজনৈতিক তথা সমাজিকভাৱে সচেতন ব্যক্তিক সাক্ষাৎ কৰি চৰকাৰখনৰ কৰ্মপন্থাৰ ওপৰত আলোচনা কৰিছে । ৰাজ্য অন্য়ান্য প্ৰান্তৰ সমান্তৰালকৈ যোৰহাট জিলাৰ টীয়ক সমষ্টিটো বিজেপি দলৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্য দেৱজিত বৰুৱাই সমষ্টিটোৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ ঘৰে ঘৰে গৈ জনসম্পৰ্ক কাৰ্যসূচী অব্যাহত ৰাখিছে ।

টীয়কত বিজেপিৰ জনসম্পৰ্ক কাৰ্যসূচী

টীয়ক ব্ৰাহ্মণ গাঁৱস্থিত ঐতিহাসিক অচ্যুত ভৱনৰ পৰা দেৱজিত বৰুৱাই আৰম্ভ কৰিছে জনসম্পৰ্ক কাৰ্যসূচীৰ। আৰক্ষী,স্বাস্থ্যকৰ্মী,সংবাদ মাধ্যম,শিক্ষক,শিল্পীকে প্ৰমুখ্য কৰি সমষ্টিৰ বহুসংখ্যক সচেতন ব্যক্তি তথা ৰাইজক লগ ধৰি ৰাইজৰ মনৰ কথা জানিবলৈ চেষ্টা কৰাৰ লগতে ক'ৰণা যুঁজত জৰুৰীকালীন সেৱা জড়িতসকলক মাস্ক তথা ছেনিটাইজাৰ প্ৰদান কৰে বৰুৱাই। দেৱজিত বৰুৱাই টীয়ক সমষ্টিৰ অন্যতম কবি বকুল বনৰ কবি আনন্দ চন্দ্ৰ বৰুৱাৰ ঢেকীয়াখোৱাস্থিত গৃহত,লাহদৈগড়স্থিত বীৰ লাচিত মৈদাম,বিশিষ্ট লোকশিল্পী বদন মলিয়াৰ গৃহত,ঢোলৰ যাদুকৰ মজাই ওজাৰ গৃহত,গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাধ্যক্ষ ডঃ প্ৰতাপ জ্যোতি সন্দিকৈৰ মাতৃ আৰু চটাইৰ শ্ৰীশ্ৰী দক্ষিণপাট আশ্ৰমী সত্ৰ আৰু প্ৰয়াত ছাত্ৰনেতা সিংহ যুৱক ললিত চন্দ্ৰ ৰাজখোৱাৰ ভগামুখস্থিত সমাধিস্থলীত বন্তি জ্বলাই পৰিয়ালৰ সৈতে বাৰ্তালাপ কৰে ৷ লক ডাউনৰ সম্পূৰ্ণ নীতি নিৰ্দেশনা মানি দেৱজিত বৰুৱাই গ্ৰহণ কৰা এই জনসম্পৰ্ক কাৰ্যসূচীয়ে অনাগত নিৰ্বাচনত বিজেপি দলক অধিক প্ৰভাৱান্বিত কৰিব বুলি মত প্ৰকাশ কৰিছে সচেতন মহলে ।

লগতে পঢ়ক : নাহৰকটীয়াত উন্মোচনৰ পূৰ্বেই খহিল বজাৰ গৃহৰ পকী দেৱাল

ABOUT THE AUTHOR

...view details