টীয়ক, 29 ছেপ্তেম্বৰঃ মঙলবাৰে আৰু বুধবাৰে সমগ্ৰ দেশতে ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে প্ৰতিগৰাকী সদস্যই ঘৰে ঘৰে দলীয় পতাকা উত্তোলনৰ যি কাৰ্যসূচী গ্ৰহণ কৰিছে তাৰ ব্যতিক্ৰম হোৱা নাই যোৰহাট জিলাৰ ১০২ নং টীয়ক বিধান সভা সমষ্টিটো । ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্যই সমষ্টিটোৰ মধ্য টীয়ক গাঁও পঞ্চায়তৰ অন্তৰ্গত অসীম বৰুৱাৰ বাসগৃহত অঞ্চলটোৰ বুথ কমিটিৰ পৰা মণ্ডল, প্ৰভাৰী তথা তৃণমূল কৰ্মকৰ্তাৰ সহযোগত দলীয় পতাকা উত্তোলন কৰা হয় । লগতে অঞ্চলটোৰ কেইবাজনো বয়োজেষ্ঠ ব্যক্তিক সন্মান জনোৱা হয় ।
টীয়কত BJP সদস্যৰ ঘৰে ঘৰে দলীয় পতাকা উত্তোলন - দলীয় কৰ্মীক শক্তি
বিজেপি দলৰ সাংগঠনিক ভেটি তথা তৃণমূল পৰ্যায়ত দলীয় শক্তি আৰু অধিক সুদৃঢ় কৰি অনাগত দিনত আৰ্তসকলৰ কাষত থিয় হৈ দেশখনক আগুৱাই নিয়া তথা ইয়াৰ জৰিয়তে প্ৰতিগৰাকী দলীয় কৰ্মীক শক্তি, সাহস আৰু ধৈৰ্য্য প্ৰদান কৰাৰ উদ্দেশ্যৰেই সমগ্ৰ দেশতে এনেদৰে ঘৰে ঘৰে দলীয় পতাকা উত্তোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি মন্তব্য কৰিছে কৰ্মকৰ্তাসকলে ।

টীয়কত BJP সদস্যৰ ঘৰে ঘৰে দলীয় পতাকা উত্তোলন
টীয়কত BJP সদস্যৰ ঘৰে ঘৰে দলীয় পতাকা উত্তোলন
ইপিনে সমষ্টিটোৰ চিপাহীখোলা মণ্ডলৰ অন্তৰ্গত জিলা বিজেপিৰ সম্পাদিকা ৰুমী চেতীয়াৰ বাসগৃহতো চিপাহীখোলা মণ্ডল বিজেপিৰ সভাপতিকে প্ৰমুখ্য কৰি অঞ্চলৰ প্ৰায় শতাধিক পুৰুষ মহিলাৰ উপস্থিতত দলীয় পতাকা উত্তোলন কৰে ৷ তাৰ সমান্তৰালকৈ জিলা বিজেপিৰ উপ-সভাপতি তথা টীয়ক পৌৰসভাৰ প্ৰাক্তন পৌৰপতি ৰফিক উজ জামানৰ গৃহটো কলিয়াপানী মণ্ডল বিজেপিৰ সভাপতি, জিলা বিজেপিৰ প্ৰাক্তন সভাপতিৰ তথা বহুকেইজন কৰ্মকৰ্তাৰ উপস্থিতত দলীয় পতাকা উত্তোলন কৰে ।
লগতে পঢ়কঃৰাজ্য কঁপোৱা SI নিযুক্তি কাণ্ডৰ এজন পৰীক্ষাৰ্থীক আটক