অসম

assam

By

Published : Feb 8, 2021, 10:54 PM IST

ETV Bharat / state

টীয়কত বিজেপিৰ যোগদান সভা

ৰাজ্যৰ আন আন সমষ্টিৰ সমান্তৰালকৈ যোৰহাটৰ টীয়কতো বৃদ্ধি হৈছে ৰাজনৈতিক দলৰ নিৰ্বাচনী তৎপৰতা । সোমবাৰে ১০২ নং টীয়ক বিধানসভা সমষ্টিত অনুষ্ঠিত হয় বিজেপিৰ যোগদান সভা । এইবাৰ নিৰ্বাচনত সমষ্টিটোৰ পৰা বিজেপি দলৰ এগৰাকী প্ৰাৰ্থীক প্ৰতিদ্বন্দিতা কৰাৰ সুযোগ দিবলৈ আহ্বান জনালে দলৰ কৰ্মকৰ্তাই ।

টীয়কত বিজেপিৰ যোগদান সভা
টীয়কত বিজেপিৰ যোগদান সভা

টীয়ক, ৮ ফেব্ৰুৱাৰী: নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই যোৰহাটৰ ১০২ নং টীয়ক বিধানসভা সমষ্টিত বিজেপি দলে প্ৰতিদিনেই বিভিন্ন স্তৰৰ সৰু বৰ দলীয় সভা অনুষ্ঠিত কৰি দলৰ সাংগঠিনক ভেঁটি শক্তিশালী কৰাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে । অসম গণ পৰিষদৰ সৈতে মিত্ৰতা থকা স্বত্বেও অগপ দলৰ প্ৰতি আৰু বৰ্তমানৰ বিধায়িকাগৰাকীৰ প্ৰতি তীব্র অসন্তুষ্টি ৰাজহুৱাকৈ প্ৰকাশ কৰিছে বিজেপিৰ কৰ্মকৰ্তাসকলে । বিজেপি কৰ্মীয়ে অভিযোগ উত্থাপন কৰা মতে, বিধায়িকাগৰাকীৰ হেমাহিৰ বাবে বিগত সময়ত উন্নয়নৰ পৰা বঞ্চিত হৈ ৰ'ল সমষ্টিবাসী ।

টীয়কত বিজেপিৰ যোগদান সভা

টীয়কত বিধায়িকাগৰাকীয়ে একনায়কত্ববাদ চলোৱাৰ অভিযোগ তুলি বিধায়িকাগৰাকীক আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ পৰা বিৰত ৰাখিবলৈ বিজেপি সদস্যসকলে শীৰ্ষ নেতৃত্বক আহ্বান জনায় । লগতে আগন্তুক নিৰ্বাচনত সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থীক টিকট প্ৰদানৰ দাবী তুলিছে কৰ্মীসকলে । ইতিমধ্যে, ৰাজ্যিক নেতৃত্বৰ ওচৰতো কৰ্মকৰ্তাসকলে এই দাবী জনাইছে । টিকট প্ৰদানৰ সময়ত ৰাজ্যিক নেতৃত্বই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়ে লক্ষ্যণীয় হ'ব ।

লগতে পঢ়ক:উত্তৰাখণ্ডত সন্ধানহীন কামপুৰৰ ২ জন যুৱক

ABOUT THE AUTHOR

...view details