টীয়ক,23 ফেব্ৰুৱাৰী: টীয়কত বিজেপিৰ ঘৰে ঘৰে জনসম্পৰ্ক কাৰ্যসূচী ৰূপায়ণ ৷ ৰাজ্যিক বিজেপিৰ নিৰ্দেশমৰ্মে টীয়ক সমষ্টিৰ কলিয়াপানী মণ্ডল বিজেপিৰ উদ্যোগত মঙলবাৰৰ পৰা মণ্ডলটোৰ অন্তৰ্গত প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে গৈ জনসম্পৰ্ক কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷
মণ্ডল বিজেপিৰ সভাপতি সম্পাদক প্ৰমুখ্যে ৱাৰ্ড, বুথৰ সদস্য সকলে ৰাইজৰ ঘৰে ঘৰে গৈ বিগত সময়ত চৰকাৰৰ বিভিন্ন অভিলাষী আঁচনি সম্পৰ্কে জ্ঞাত কৰাৰ লগতে ৰাইজৰ অভাৱ-অভিযোগৰ বুজ লয় । লগতে অনাগত দিনত ৰাজনৈতিকভাৱে ৰাইজৰ সঁহাৰি বিচাৰে কৰ্মকৰ্তাসকলে ।