টীয়ক,13 জানুৱাৰী : উৰুকাৰ নিশা লগে-ভাগে এসাজ খোৱাৰ হেঁপাহেৰে ৰাজ্যৰ প্ৰত্যেকখন বজাৰতে ভিৰ কৰিছে অসংখ্য গ্ৰাহকে । যোৰহাটৰ টীয়কৰ বজাৰো ইয়াৰ ব্যতিক্ৰম নহয় ।
টীয়কৰ কলিয়াপানীৰ সাপ্তাহিক বজাৰতো দেখা গৈছে গ্ৰাহকৰ অভাৱনীয় ভিৰ । অন্যান্য বজাৰৰ তুলনাত কলিয়াপানীৰ বজাৰত সামগ্ৰীৰ মূল্য কিছু কম বাবে গ্ৰাহকৰ সংখ্যা তুলনামূলকভাৱে বৃদ্ধি পায় ৷
এইখন বজাৰত থলুৱা শাক-পাচলিকে ধৰি বিহুৰ উপলক্ষে কাঠ আলু, মিঠা আলু, মোৱা আলু, দৈ, মাটি দাইল,মাছ, মাংস, চিৰা, মুৰিকে ধৰি বিভিন্ন খাদ্যবস্তুৰে বজাৰ উভৈনদী হৈ পৰিছে ।