অসম

assam

ETV Bharat / state

টীয়কৰ ৰাজহুৱা স্থান চেনিটাইজ কৰিলে আঞ্চলিক ছাত্ৰ সন্থাই - সামাজিক দূৰত্ব বৰ্তা

ক'ভিড প্ৰতিৰোধৰ বাবে টীয়ক আঞ্চলিক ছাত্ৰ সন্থাই টীয়কৰ ৰাজহুৱা স্থান সমূহ চেনিটাইজেছনৰ ব্যৱস্থা কৰে। টীয়ক অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত চেনিটাইজেছন কৰাৰ লগতে সকলোকে ক'ভিড নীতি মানি সামাজিক দূৰত্ব বৰ্তাই ৰাখি মাস্ক পৰিধান কৰিবলৈ আহ্বান জনায় ৷

টীয়কৰ ৰাজহুৱা স্থান চেনিটাইজেশ্বন কৰিলে আঞ্চলিক ছাত্ৰ সন্থাই
টীয়কৰ ৰাজহুৱা স্থান চেনিটাইজেশ্বন কৰিলে আঞ্চলিক ছাত্ৰ সন্থাই

By

Published : May 11, 2021, 2:11 PM IST

টীয়ক,11 মে': চৌদিশে কাল কৰ'ণাই সংহাৰী ৰূপ ধাৰণ কৰিছে। চৰকাৰে ক'ভিড প্ৰতিৰোধৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰাৰ সমান্তৰালকৈ সামাজিক দ্বায়বদ্ধতা উপলব্ধ কৰি টীয়ক আঞ্চলিক ছাত্ৰ সন্থাই টীয়ক ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়, টীয়ক পৌৰসভা আৰু টীয়ক আৰক্ষী থানাৰ সহযোগত টীয়কৰ চক্ৰ বিষয়াৰ কাৰ্যালয়, আৰক্ষী থানা, অসম ৰাজ্যিক পৰিবহণ নিগম বাছ আস্থান, বিভিন্ন বেংক, এ টি এম, হাস্পতাল, চৰকাৰী তথা বেচৰকাৰী কাৰ্যালয় আৰু কেইবাটাও ৰাজহুৱা স্থানত টীয়ক অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত চেনিটাইজেছনৰ ব্যৱস্থা কৰে। লগতে সকলোকে ক'ভিড নীতি মানি সামাজিক দূৰত্ব বৰ্তাই ৰাখি মাস্ক পৰিধান কৰি নিজৰ লগতে সকলোকে সুৰক্ষিত হৈ থাকিবলৈ আহ্বান জনায়।

টীয়কৰ ৰাজহুৱা স্থান চেনিটাইজেশ্বন কৰিলে আঞ্চলিক ছাত্ৰ সন্থাই

ABOUT THE AUTHOR

...view details