টীয়ক,4 জুলাইঃ সঘন বিদ্যুৎ কৰ্তনত অতিষ্ঠ ৰাইজে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ সময়তে শুকুৰবাৰে টীয়ক বিদ্যুৎ সংমণ্ডলে মৰিয়নি পৰা টীয়ক লৈকে স্থাপন কৰা 33 কিলো ভল্ট বিদ্যুৎ পৰিবাহী তাঁৰৰ মেৰামতি তথা পুনঃনিৰীক্ষণ কৰাৰ এক কাৰ্যসূচী হাতত লয় । মৰিয়নীৰ 132 নম্বৰ বিদ্যুৎ বিতৰণ কেন্দ্ৰৰ পৰা সৰবৰাহ কৰা বৈদ্যুতিক পৰিবাহী তাঁৰ সমূহৰ ওপৰত গিবন অভয়াৰণ্যৰ গছৰ ডাল,বাঁহ আদি সামান্য বতাহতে পৰি সঘনাই বিদ্যুৎ ব্যাহত হৈ পৰে ।
টীয়ক বিদ্যুৎ উপ সংমণ্ডলৰ বিশেষ পদক্ষেপ - apdcl-work
৩৩ কিলো ভল্ট বিদ্যুৎ পৰিবাহী তাঁৰৰ মেৰামতি তথা পুনঃনিৰীক্ষণ টীয়ক বিদ্যুৎ উপ সংমণ্ডলৰ
টীয়ক বিদ্যুৎ উপ সংমণ্ডলৰ বিশেষ পদক্ষেপ
সুদীৰ্ঘ দিন অব্যাহত থকা এই সমস্যা সমাধানৰ বাবে টীয়ক বিদ্যুৎ উপ সংমণ্ডল বিষয়া ভাস্কৰ গগৈৰ নেতৃত্বত প্ৰায় 50 জনৰো অধিক বনুৱা উক্ত কামত নিয়োজিত কৰি সুদীৰ্ঘ 4০ কি.মি. যোৰা এই লাইন দাঁতিত থকা হাবি-জংঘল ,বাঁহ আদি কটাৰ এক দিনযোৰা কাৰ্যসূচী গ্ৰহণ কৰে । দীৰ্ঘদিনীয়া এই সমস্যা সমাধানৰ ক্ষেত্ৰত বিভাগটোৱে চলোৱা এই প্ৰচেষ্টাক আদৰণি জনাইছে স্থানীয় ৰাইজে ।