টীয়কত শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ ৪৬৭ সংখ্যক জন্মোৎসৱ পালন - telia gaon
দিনযোৰা কাৰ্যসূচীৰে শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ ৪৬৭ সংখ্যক জন্মোৎসৱ পালন কৰা হয় ৷ টীয়ক তেলিয়া গাঁৱৰ ন-মাটি নামঘৰত উদযাপিত এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰো ৷
টীয়ক,25 মে'টীয়ক তেলিয়া গাঁৱৰ সমূহ ৰাইজৰ উদ্যোগত তথা সমূহ টীয়কবাসীৰ সহযোগত দিনযোৰা কাৰ্যসূচীৰে শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ ৪৬৭ সংখ্যক জন্মোৎসৱ পালন কৰা হয় ৷ টীয়ক তেলিয়া গাঁৱৰ ন-মাটি নামঘৰত উদযাপিত এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰ ৷ টীয়ক নগৰৰ মাজমজীয়াৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে উলিওৱা এই শোভাযাত্ৰাত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে প্ৰায় পাঁচ শতাধিক পুৰুষ মহিলাই অংশ গ্ৰহণ কৰি ভক্তি নামেৰে মুখৰিত কৰি তোলে সমগ্ৰ পৰিবেশ । এই পবিত্ৰ ক্ষণত নামঘৰত চাকি ধূপ জ্বলাই নাম কীৰ্ত্তন কৰি গুৰুজনাৰ চৰণত সেৱা লয় ভক্ত সকলে ৷