অসম

assam

ETV Bharat / state

টীয়কত এজেওৱাইচিপিৰ প্ৰতিবাদ - অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পথ সভা

টীয়কত কা বিৰোধীতাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পথ সভা ।

টীয়কত এজেওৱাইচিপিৰ প্ৰতিবাদ
টীয়কত এজেওৱাইচিপিৰ প্ৰতিবাদ

By

Published : Jan 27, 2021, 9:46 PM IST

টীয়ক, ৭ জানুৱাৰী: সমগ্ৰ অসমৰ লগতে যোৰহাট জিলাৰ টীয়কতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ টীয়ক আঞ্চলিক সমিতিৰ উদ্যোগত টীয়ক নগৰৰ মাজমজিয়াত জাতিদ্ৰোহী নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু অসমৰ আন্ত:ৰাজ্যিক পাৰ-পত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত এক পথ সভা অনুষ্ঠিত কৰা হয় । উক্ত সভাত সংগঠনটোৰ কেইবাগৰাকীও আঞ্চলিক নেতাৰ সমান্তৰালকৈ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্য জিতু নেওগ, সমাজকৰ্মী সৌৰভ বৰাকে প্ৰমুখ্য কৰি 'কা' বিৰোধী স্থিতি পুনৰ সজীৱ কৰি তুলি অসমৰ প্ৰতিখন গাঁৱে গাঁৱে গৈ ৰাইজক সজাগ কৰি জাতিটোক সুৰক্ষা প্ৰদান কৰিবলৈ আহ্বান জনাইছে ।

টীয়কত এজেওৱাইচিপিৰ প্ৰতিবাদ

লগতে বিজেপি চৰকাৰৰ অভিলাষী আঁচনিত ভুল নগৈ অসমৰ প্ৰতিটো ৰাজনৈতিক তথা অৰাজনৈতিক দল সংগঠনসমূহক একত্ৰিত হৈ অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত 'কা'ৰ বিৰুদ্ধে থিয় দিবলৈ অনুৰোধ জনাই অনাগত ২১ ৰ অসম বিধানসভা নিৰ্বাচনত আঞ্চলিকলতাবাদক সমৰ্থন কৰি বিজেপিক পৰাভূত কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক:মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ বাবে ভূমি আৱন্টন চৰকাৰৰ

ABOUT THE AUTHOR

...view details