টীয়ক, 20 জানুৱাৰীঃটীয়কৰ ভগামুখত সোমবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। প্ৰাক্তন ছাত্ৰ নেতা প্ৰয়াত ললিত চন্দ্ৰ ৰাজখোৱাৰ ৩০ সংখ্যক স্মৃতি দিৱসত প্ৰাক্তন ছাত্ৰ নেতাজনৰ সমাধিক্ষেত্ৰলৈ অহাৰ পথত টীয়কৰ ভগামুখত আছুৱে আৱদ্ধ কৰিলে টীয়কৰ বিধায়িকা তথা প্ৰয়াত ৰাজখোৱাৰ পত্নী ৰেণুপমা ৰাজখোৱাক। এঘন্টা ধৰি বিধায়িকা গৰাকীক আবদ্ধ কৰি ক'লা পতাকা প্ৰদৰ্শন কৰি উত্তাল প্ৰতিবাদ প্ৰদৰ্শন কৰে আছুৰ সদস্য সকলে। প্ৰতিবাদৰ সময়ত যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাঃসম্পাদক জিতু নেওগক বিধায়িকা গৰাকীৰ বাহনৰ চালকৰূপে যোৱা অগপৰ যোৰহাট জিলা সমিতিৰ সম্পাদক বিকাশ শইকীয়া গাড়ীৰে খুন্দিওৱাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰে ছাত্ৰ সন্থাৰ কৰ্মীসকলে ৷
বিধায়িকা ৰেণুপমা ৰাজখোৱাক ক'লা পতাকা প্ৰদৰ্শন টীয়কত - EX STUDENT LEADER LALIT RAJKHUWA
টীয়কৰ বিধায়িকাক ক'লা পতাকা প্ৰদৰ্শন কৰে সোমবাৰে ৷ প্ৰাক্তন ছাত্ৰ নেতা প্ৰয়াত ললিত চন্দ্ৰ ৰাজখোৱাৰ ৩০ সংখ্যক স্মৃতি দিৱসত প্ৰাক্তন ছাত্ৰ নেতাজনৰ সমাধিক্ষেত্ৰলৈ অহাৰ পথত টীয়কৰ ভগামুখত আছুৱে আৱদ্ধ কৰিলে টীয়কৰ বিধায়িকা তথা প্ৰয়াত ৰাজখোৱাৰ পত্নী ৰেণুপমা ৰাজখোৱাক ৷
বিধায়িকা ৰেণুপমা ৰাজখোৱাক ক'লা পতাকা প্ৰদৰ্শন টীয়কত