অসম

assam

ETV Bharat / state

বাঁহত ত্ৰিৰংগা অংকণ এগৰাকী কুটীৰ শিল্পীৰ - অবিনাশ হাজৰিকা

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত টীয়কৰ কুটীৰ শিল্পী অবিনাশ হাজৰিকাই আকৰ্ষণীয় ৰূপত বাঁহেৰে তৈয়াৰ কৰিছে ত্ৰিৰংগা

বাঁহত ত্ৰিৰংগা অংকণ এগৰাকী কুটীৰ শিল্পীৰ

By

Published : Aug 4, 2019, 11:35 AM IST

টীয়ক, 4 জুলাইঃ টীয়কৰ এজন কুটীৰ শিল্পী অবিনাশ হাজৰিকা এক অনন্য প্ৰয়াস৷ আকৰ্ষণীয় ৰূপত বাঁহেৰে তৈয়াৰ কৰিছে ৰাষ্ট্ৰীয় পতাকা৷ প্ৰতিজন ভাৰতীয়ৰ স্বকীয়তা এই পতাকা যাতে নিজৰ ঘৰৰ পৰা আৰম্ভ কৰি বিভিন্ন কাৰ্যালয়ৰ লগতে আন সকলোস্থানতেই ব্যৱহাৰ কৰিব পাৰি তাৰ বাবে বাঁহেৰে পতাকা তৈয়াৰ কৰিছে শিল্পী গৰাকীয়ে ৷ কেৱল সেয়াই নহয় ম'বাইল ফোন , কলম আদি ৰাখিব পৰাকৈ ভাৰতীয় পতাকাৰ ষ্টেণ্ড তৈয়াৰ কৰিছে শিল্পীগৰাকীয়ে ৷ শিল্প প্ৰতিভাৰে নিপুণ ভাৱে প্ৰায় দুমাহ ধৰি কৰি থকা এই কামক আদৰণি জনাইছে অঞ্চলবাসীয়ে৷ আনহাতে আগন্তুক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত এহেজাৰ পতাকা নিৰ্মাণ কৰাৰ লক্ষ্যৰে দিন ৰাতি একাকাৰ কৰি কাকজান কমাৰখাটোৱাল স্থিত বাসগৃহত পৰিয়ালৰ সৈতে ব্যস্ত হৈ পৰিছে শিল্পীগৰাকী ৷

বাঁহত ত্ৰিৰংগা অংকণ এগৰাকী কুটীৰ শিল্পীৰ

উল্লেখ্য যে, হাজৰিকাই ভাৰত চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত ভাৰতীয় দলীত সাহিত্য একাডেমীৰ দ্বাৰা ২০১৭ বৰ্ষৰ ভীমৰাও আম্বেদকাৰ ৰাষ্ট্ৰীয় ফেল'শ্বীপ বঁটাও লাভ কৰে৷ টীয়কৰ মাজমজিয়াত পাঞ্চজন্য কুটীৰ উদ্যোগ নামেৰে এক প্ৰতিষ্ঠান খুলি হস্ত নিৰ্মিত সামগ্ৰী সমূহ বিক্ৰী কৰি বহুজনক সংস্থাপন দিছে অবিনাশ হাজৰিকাই৷ পতাকাৰ উপৰিও শিল্পী হাজৰিকাই বাঁহ - কাঠ , পেলনীয়া সামগ্ৰীৰ জৰিয়তে তৈয়াৰ কৰিছে নিত্য ব্যৱহাৰ্য ন ন সামগ্ৰী৷

ABOUT THE AUTHOR

...view details