অসম

assam

By

Published : May 8, 2020, 6:11 PM IST

ETV Bharat / state

এইবেলি বহাগে নিদিলে পেটৰ ভাত !

লক্ ডাউনৰ ফলত ব্যাপক লোকচানৰ সন্মুখীন হৈছে টেন্ট হাউচৰ গৰাকী সকল ৷ অমানিশা নামি আহিল টেন্ট হাউচেৰে জড়িত বহু যুৱকৰ পৰিয়াললৈ ৷

tent house and sound set owner faced problem
tent house and sound set owner faced problem

টীয়ক, 8 মে' : বহাগ মাহত টেন্ট হাউচৰ গৰাকী, চাউণ্ড চিষ্টেমৰ গৰাকী সকলৰ বাবে অতি গুৰুত্বপূৰ্ণ সময় । বছৰৰ অন্যান্য মাহৰ তুলনাত বহাগ মাহত টেন্ট হাউচ, চাউণ্ড চিষ্টেমৰ গৰাকী সকলৰ লগতে এই ব্যৱসায়ৰ সৈতে জড়িত সকলৰ ব্যস্ততা দুগুণে বৃদ্ধি পায় । কিয়নো এই মাহত বিবাহ অনুষ্ঠান, বিহুৰ অনুষ্ঠান অনুষ্ঠিত কৰে । কিন্তু এইবাৰ ব্যতিক্ৰম । বিশ্বব্যাপি কৰ'ণা ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰাৰ ফলত সতৰ্কতাৰ বাবে অসমতো গ্ৰহণ কৰা লক্ ডাউনৰ বাবে এইবাৰ দেখা পোৱা নাই টেন্ট হাউচৰ গৰাকী সকলৰ এই ব্যস্ততা ।

টেন্ট হাউচৰ গৰাকী সকলৰ লগতে টেন্ট হাউচৰে জড়িত যুৱকসকলৰ পৰিয়ালত এতিয়া অমানিশা নামিছে । লক্ ডাউনৰ তৃতীয় পৰ্যায়ত চৰকাৰে কেতবোৰ ক্ষেত্ৰত শিথিলতা দিছে যদিও বিবাহ, সভা-সমিতি আদি অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰাত টেন্ট হাউচৰ গৰাকী সকল, চাউণ্ড চেট ভাড়া দি জীৱিকা অৰ্জন কৰাসকলৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে ।

বহাগে নিদিলে পেটৰ ভাত !

কাম বিচাৰি বহিঃ ৰাজ্যলৈ নগৈ নিজাববীয়াকৈ ব্যৱসায় কৰি বহু স্থানীয় যুৱকক সংস্থাপন দিয়াৰ লগতে সমগ্ৰ ব্যৱসায়ত ব্যৱহৃত সামগ্ৰী বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লৈ ক্ৰয় কৰা বহু টেন্ট হাউচৰ গৰাকী, চাউণ্ড চেটৰ গৰাকীয়ে আগন্তুক দিনত কেনদৰে ঋণ পৰিশোধ কৰিব এইলৈ এতিয়া সমস্যাৰ সন্মুখীন হৈছে । কিয়নো বহাগ মাহৰ দৰে অন্যান্য মাহত এওঁলোকৰ ব্যৱসায় আশানুৰূপ নহয়। এতিয়া এনে ব্যৱসায়ৰ লগত জড়িত থকা বহু যুৱক যে নিবনুৱাৰ শাৰীলৈ যাব সেয়া বৰ্তমান স্পষ্ট হৈ পৰিছে ৷

লগতে পঢ়ক :চি আই ডি ৰ অভিযানত জব্দ বৃহৎ পৰিমানৰ নিচা জাতীয় সামগ্ৰী

ABOUT THE AUTHOR

...view details