অসম

assam

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 7:28 PM IST

ETV Bharat / state

Tense situation in Melang: চাৰিলেনযুক্ত পথ সম্প্ৰসাৰণৰ কেম্পত উতপ্ত পৰিস্থিতি

মেলেঙস্থিত চাৰিলেনযুক্ত পথ সম্প্ৰসাৰণৰ কেম্পত কোনো কাৰণতে উক্ত কেম্পৰ পৰা কোনো সামগ্ৰী বাহিৰ কৰিবলৈ দিয়া নহ'ব বুলি সকীয়নি । । NHIDCL ৰ ডিজিএম ক কৰিলে জবাবদিহি ।

Camp for expansion of  fourlane road at Melang
মেলেঙস্থিত চাৰিলেনযুক্ত পথ সম্প্ৰসাৰণৰ কেম্প

মেলেঙস্থিত চাৰিলেনযুক্ত পথ সম্প্ৰসাৰণৰ কেম্প

টীয়ক, ৩০ ছেপ্টেম্বৰঃ উজনি অসমৰ যোৰহাট বাইপাছৰ পৰা জাঁজী পৰ্যন্ত পথছোৱাৰ দুৰৱস্থাই জীয়াতু ভুগাইছে সাধাৰণ ৰাইজক। ইতিমধ্যে কেইবাটাও ঠিকাদাৰী সন্থাই আধৰুৱা কাম কৰি বিদায় লৈছে । কাৰ ভুলৰ বাবে বাৰে বাৰে এইদৰে ঠিকাদাৰী প্ৰতিষ্ঠান সমূহে আধৰুৱাকৈ কাম কৰি এৰিবলৈ লৈছে সেয়া এতিয়া লাখটকীয়া প্ৰশ্ন ।

সম্প্ৰতি কাম চলাই থকা চুইটি কনষ্ট্ৰাকছন নামৰ কোম্পানীটোক আশ্চৰ্যজনকভাৱে কালি তদাৰকী সন্থা NHIDCLই অব্যাহতি দিয়াত শনিবাৰে মেলেঙস্থিত কেম্পত থকা কোম্পানীৰ গাড়ীতে ধৰি সামগ্ৰীসমূহ নিবলৈ বুলি আহোতে স্থানীয় উপ ঠিকাদাৰসকলৰ লগতে ভূমিৰ মালিকে নিয়োজিত কোম্পানীৰ পৰা লক্ষ লক্ষ টকা পোৱাৰ কথা সদৰী কৰে । কোনো কাৰণতে উক্ত কেম্পৰ পৰা কোনো সামগ্ৰী বাহিৰ কৰিবলৈ দিয়া নহ'ব বুলি এক উতপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে তেওঁলোকে। লগতে তেওঁলোকৰ অনাদায় নোপোৱা পৰ্যন্ত এইদৰে সকলো সামগ্ৰী পৰি থাকিব বুলি হুংকাৰ প্ৰদান কৰে ।

ইপিনে, প্ৰতিবাৰে অসমীয়া খিলঞ্জীয়া যুৱকক এইদৰে কোম্পানীবোৰে প্ৰতাৰণা কৰা বিষয়টোত বীৰ লাচিত সেনাই তীব্ৰ ভাষাৰে গৰিহণা দি প্ৰাপ্ত ধন নিদিলে প্ৰতিবাদ সাব্যস্ত কৰিব বুলিও সকিয়াই দিয়ে ডি জি এমগৰাকীক । আনহাতে, ডি জি এম গৰাকীয়ে এই ক্ষেত্ৰত উৰ্ধতম কৰ্তৃপক্ষক জনাই ইয়াৰ এক উচিত ব্যৱস্থা কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে স্থানীয় যুৱকসকলক । লগতে অহা ছয় মাহৰ ভিতৰত চাৰিটাকৈ নতুন কোম্পানী নিয়োজিত কৰি পথৰ আঁসোৱাহ সমূহ দূৰ কৰি পথটো সুচল কৰা হ'ব বুলি কয় ।

ইপিনে, স্থানীয় ঠিকাদাৰসকলে উক্ত সমগ্ৰ ঘটনা টীয়ক ৰাজহচক্ৰ বিষয়াক অৱগত কৰিছে । তেওঁলোকে প্ৰাপ্য ধন কিদৰে লাভ কৰিব তাৰ এক সমাধান বিচাৰিছে । লগতে এই ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰো হস্তক্ষেপ আশা কৰিছে ভুক্তভোগী স্থানীয় ঠিকাদাৰসকলে ।

লগতে পঢ়ক:Assam Edu Department: প্ৰাথমিক শিক্ষককলৈ ৰাজনীতি শিক্ষা বিভাগৰ; বিদ্যালয়ৰ বাৰ্ষিক অনুদান বন্ধ কৰি ‘শিক্ষা সেতু’ত সফলতা শিক্ষা বিভাগৰ

ABOUT THE AUTHOR

...view details