যোৰহাট,২১ মে': পুনৰ বিতৰ্কত চৰকাৰী চিকিৎসালয় । চৰকাৰী চিকিৎসালয়ত চিকিৎসক নথকাটো যেন বৰ্তমান একেবাৰে সাধাৰণ কথা হৈ পৰিছে । চিকিৎসকৰ নথকাৰ ফলত বহুজনে প্ৰাণ হেৰুওৱাৰ পাছতো যেন গা-লৰা নাই ৰাজ্যৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিভাগটোৰ । নিশা হ'লেই দায়িত্ব শেষ হয় চৰকাৰী চিকিৎসকৰ ।
পুনৰ যোৰহাটৰ মৰিয়নি প্ৰাথমিক চিকিৎসা কেন্দ্ৰত চিকিৎসক নথকাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ (Tense situation at Mariani Primary Health Centre) । শনিবাৰে নিশা ৯.০০ বজাত মৰিয়নিত বাইক আৰু ই-ৰিক্সাৰ মাজত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত ৰবি কোঁচ, প্ৰশান্ত ডেকা আৰু জ্যোতিষ এক্কা নামৰ তিনিজনকৈ লোক গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হয় (Road accident in Mariani) ।
উক্ত দুৰ্ঘটনাত আহত লোক কেইজনক ততাতৈয়াকৈ মৰিয়নিৰ ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰলৈ নিয়া হয় যদিও সেই সময়ত চিকিৎসালয়খনত নাছিল কোনো চিকিৎসক, নাছিল কোনো স্বাস্থ্যকৰ্মী, নাছিল 108 এম্বুলেঞ্চ সেৱা । ইয়াকে লৈ চিকিৎসালয়খনত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰে আঘাতপ্ৰাপ্ত লোককেইজনৰ পৰিয়ালৰ লোকে (Heated situation in Mariani PHC) ।
অনাকাংক্ষিত পৰিস্থিতি উদ্ভৱ হোৱাৰ কিছু সময়ৰ পাচতেই তংৎক্ষণাত কেইগৰাকীমান স্বাস্থ্যকৰ্মী চিকিৎসালয়খনত উপস্থিত হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোককেইজনক প্ৰাথমিক চিকিৎসা প্ৰদান কৰে ।