যোৰহাট, 3 মে’ : জলবায়ু প্ৰতিৰোধী কৃষি সম্পৰ্কে প্ৰশিক্ষণৰ উদ্দেশ্যে অসম কৃষি বিশ্ববিদ্যালয়ৰ দহ গৰাকী গৱেষক ছাত্ৰ-ছাত্ৰী ইউৰোপত বিশেষ প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত হৈছে (Ten researcher students of AAU Jorhat selected for climate resistant agricultural training in Europe) । বিশ্ববিদ্যালয়ৰ যোৰহাটস্থিত মূল চৌহদৰ উত্তৰ-পূৱ কৃষি জৈৱ প্ৰযুক্তিবিদ্যা কেন্দ্ৰৰ উদ্যোগত বিশ্ববিদ্যালয়ৰ এইসকল গৱেষক ছাত্ৰ-ছাত্ৰীয়ে ইউৰোপত গ্ৰহণ কৰিব তিনিমহীয়া বিশেষ প্ৰশিক্ষণ ।
ইউৰোপীয় ইউনিয়নৰ ইৰাছমাছ প্ৰাছ আঁচনিৰ অধীনৰ এডাপ্টনেট (Adapt NET) শীৰ্ষক দক্ষতা বৃদ্ধি প্ৰকল্পৰ অধীনত নিৰ্বাচিত দেশৰ সৰ্বমুঠ 16 গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত অসম কৃষি বিশ্ববিদ্যালয়( Assam Agricultural University)ৰ এইসকল শিক্ষাৰ্থী নিৰ্বাচিত হৈছে । প্ৰথম পৰ্যায়ত বিশ্ববিদ্যালয়ৰ দুগৰাকী গৱেষক ছাত্ৰ-ছাত্ৰী ইতিমধ্যে ইউৰোপলৈ গৈছে ।
ইউৰোপীয় ইউনিয়নৰ শিক্ষা, দৃশ্য-শ্ৰাব্য আৰু সাংস্কৃতিক কাৰ্যবাহী সংস্থাই পৃষ্ঠপোষকতা কৰা জলবায়ু স্থিতিস্থাপক শস্যৰ শিক্ষা, গৱেষণা আৰু উদ্ভাৱনক শক্তিশালী কৰাৰ সামগ্ৰিক আঁচনিৰ অধীনত আয়োজন কৰা এই প্ৰশিক্ষণত গ্ৰীচৰ এথেন্স কৃষি বিশ্ববিদ্যালয়, একাডেমী অফ এথেন্স, ইটালীৰ মিলান বিশ্ববিদ্যালয় আৰু পলিটেকনিক বিশ্ববিদ্যালয়ে সহযোগ আগবঢ়াব ।
লগতে পঢ়ক :বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক অধিবেশন থলীত মুখ্যমন্ত্ৰী