যোৰহাট, 25 জুলাই : ৰাজ্যত এতিয়া দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ভিড-19 ত আক্ৰান্ত ৰোগীৰ সংখ্যা । ইতিমধ্যে ৰাজ্যত ২৯ হাজাৰ অতিক্ৰম কৰিলে ক’ভিড আক্ৰান্তৰ সংখ্যাই । ব্যক্তিক্ৰম নহয় যোৰহাট জিলাও । যোৰহাটত ১২00 ৰো অধিক লোক আক্ৰান্ত হৈছে কৰ'ণাত । দৈনিক বৃদ্ধি পাইছে ৰোগীৰ সংখ্যা । ফলত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ লগতে সকলো চৰকাৰী চিকিৎসালয় পৰিপূৰ্ণ হৈ পৰিছে ৰোগীৰে ।
দহদিনত সম্পূৰ্ণ হ'ব যোৰহাটৰ অস্থায়ী ক'ভিড হাস্পতাল - ক’ভিড আক্ৰান্ত
যোৰহাটত দ্ৰুত গতিত নিৰ্মাণ কাৰ্য চলি আছে অস্থায়ী ক’ভিড চিকিৎসালয় । আগন্তুক দহ দিনৰ ভিতৰত সম্পূৰ্ণ হ’ব এই চিকিৎসালয় ৷
![দহদিনত সম্পূৰ্ণ হ'ব যোৰহাটৰ অস্থায়ী ক'ভিড হাস্পতাল covid-hospital](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8166778-602-8166778-1595664731567.jpg)
covid-hospital
দহদিনত সম্পূৰ্ণ হ'ব যোৰহাটৰ অস্থায়ী ক’ভিড হাস্পতাল