মাজুলী, 20 মে':মাজুলী-যোৰহাট সংযোগী দলং (Jorhat Majuli bridge) নিৰ্মাণত শেহতীয়াকৈ দেখা দিছে ব্যাপক বিসংগতিয়ে (Problem in construction of Jorhat Majuli bridge) । ফলত বিগত ২০ দিন ধৰি বন্ধ হৈ আছে দলঙৰ নিৰ্মাণকাৰ্য । বন্ধ হৈ থকা দলং নিৰ্মাণস্থলীত শুকুৰবাৰে ভাৰত চৰকাৰৰ পথ পৰিবহন মন্ত্ৰণালয়ৰ জ'ন-5 ৰ মুখ্য অভিযন্তাৰ দায়িত্বত থকা ইউ চি কাটাৰ উপস্থিত হৈ নিৰ্মাণস্থলী পৰিদৰ্শন কৰে ।
তেঁও কাৰিকৰী বিসংগতি সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিব ভাৰত চৰকাৰৰ হাতত । সেই প্ৰতিবেদন মৰ্মেহে দলং নিৰ্মাণৰ কাম বৰ্তমানৰ এই কোম্পানীটোক দিব নে নিৰ্মিয়মান খুটা ভাঙি দিয়া হ'ব সেয়া পৰৱৰ্তী সময়তহে নিশ্চিত হব । ভাৰত চৰকাৰৰ পথ পৰিবহন মন্ত্ৰণালয়ৰ জ'ন-5 ৰ মুখ্য অভিযন্তাৰ দায়িত্বত থকা ইউ চি কাটাৰে কয় যে প্ৰয়োজন হলে দলঙৰ ৮ নম্বৰ খুটা ভাঙি পুনৰ নিৰ্মাণ কৰা হ'ব । দলঙৰ কামৰ ক্ষেত্ৰত নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ লগত চৰকাৰে কোনো ধৰণৰ আপোচ নকৰে বুলিও তেওঁ স্পষ্ট কৰি দিয়ে ।