বিনা বেতনে শিক্ষকতাৰ 25 টা বছৰ - mohan das
জাঁজী নদীৰ পাৰত অৱস্থিত ভিতৰুৱা অঞ্চলটোত শিক্ষাৰ পোহৰ বিলোৱাৰ উদ্দেশ্যেৰে 1994 চনত মোহন দাস নামৰ ব্যক্তিজনে বাচি লৈছিল শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তি
যোৰহাট, 5 চেপ্তেম্বৰঃ পৱিত্ৰ শিক্ষকৰ দিনটোতে এজন শিক্ষকৰ দুৰ্বিসহ জীৱন ৷ সুদীৰ্ঘ 25 টা বছৰ বিনা বেতনে শিক্ষকতা কৰা এজন শিক্ষক ৷ যোৰহাট টীয়ক সমষ্টিৰ অন্তৰ্গত এইজন শিক্ষক বনাই পথলিয়ালৰ মোহন দাস । জাঁজী নদীৰ পাৰত অৱস্থিত ভিতৰুৱা অঞ্চলটোত শিক্ষাৰ পোহৰ বিলোৱাৰ উদ্দেশ্যেৰে 1994 চনত মোহন দাস নামৰ ব্যক্তিজনে বাচি লৈছিল শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তি ৷ হাজাৰটা সপোন বাস্তৱায়িত কৰাৰ মানসেৰে 1 নং বনাই পথলিয়াল সত্যজিৎ প্ৰাথমিক বিদ্যালয়ত যোগদান কৰি মোহন দাসে চৰকাৰৰ ঘৰৰ পৰা নাপালে এটকাও। আনহাতে, দাসে শিক্ষকতা কৰা বিদ্যালয়খন 1992 চনত স্থাপন কৰা হৈছিল যদিও বৰ্তমান পৰ্যন্ত প্ৰাদেশীকিত ন'হল । ইপিনে যোৱা দুটা বছৰে দেহৰ জটিল ৰোগত আক্ৰান্ত হৈ শয্যাশায়ী হৈ আছে শিক্ষক মোহন দাস । সুস্থ অৱস্থাত শিক্ষকতাৰ সমান্তৰালকৈ ব্যৱসায় বাণিজ্যৰে পৰিয়াল পোহপাল দিয়া দাস শয্যাশায়ী হোৱাৰ পাচত তেখেতৰ পত্নীয়ে মৎস্য ব্যৱসায়ৰে জড়িত হৈ পৰিয়াল পোহপাল দিয়াৰ লগতে স্বামীৰ চিকিৎসা ব্যয়ৰ যোগান ধৰিব লগা হৈছে ।