অসম

assam

ETV Bharat / state

টীয়কত সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ প্ৰতিবাদী কাৰ্যসূচী

টীয়কৰ সলালবাৰী চাহ বাগিচাৰ শ্ৰমিক সকলক, ছয় মাহৰ অধিক সময় দৰমহা আদায় নিদিয়াকে ধৰি শ্ৰমিক সকলৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰা আৰু কেইবাটাও গুৰুত্বপূৰ্ণ দাবীৰে এই ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷

সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ প্ৰতিবাদী কাৰ্যসূচী

By

Published : May 27, 2019, 12:59 PM IST

টীয়ক , 27 মে': সোমবাৰে যোৰহাট জিলাৰ টীয়কৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ প্ৰৱেশ পথৰ সন্মুখত, অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ সলালবাৰী শাখা সমিতিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে ৷ জিলা খনৰ টীয়কৰ সলালবাৰী চাহ বাগিচাৰ শ্ৰমিক সকলক, ছয় মাহৰ অধিক সময় দৰমহা আদায় নিদিয়াকে ধৰি শ্ৰমিক সকলৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰা আৰু কেইবাটাও গুৰুত্বপূৰ্ণ দাবীৰে এই ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷

টীয়কত সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ প্ৰতিবাদী কাৰ্যসূচী
প্ৰতিবাদকাৰী সকলৰ অভিোগ অনুসৰি এই সমস্যা সমূহৰ সন্দৰ্ভত তেওঁলোকে বাৰম্বাৰ উৰ্ধতম কৰ্তৃপক্ষক অৱগত কৰাৰ পাচতো এই পৰ্যন্ত তেওঁলোকে কোনো সহাঁৰি নাপালে ৷ ইয়াৰে প্ৰতিবাদত অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ সলালবাৰী শাখা সমিতিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে ৷ আৰু অনতি পলমে দাবী সমূহ সমাধান নকৰিলে আৰু অধিক জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ৷

ABOUT THE AUTHOR

...view details