পুনৰ মেচিনত ভৰি সোমাল শ্ৰমিকৰ যোৰহাট, 22 আগষ্ট : যোৰহাটৰ টাইৰুণ চাহ বাগিচাৰ ফেক্টৰীত অঘটন ৷ কৰ্তব্যৰত শ্ৰমিকৰ ভৰি সোমাল মেচিনত। লগে লগে ফেক্টৰীটোত কৰ্মৰত অন্য শ্ৰমিকসকলে আঘাতপ্ৰাপ্ত শ্ৰমিকজনক গুৰুতৰ অৱস্থাত উন্নত চিকিৎসাৰ বাবে বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰে ৷
ঘটনাৰ বিৱৰণী মতে, মঙলবাৰে তিতাবৰ মহকুমা টাইৰুণ চাহ বাগিচা কলঘৰত অন্য দিনা দৰে কাম কৰি আছিল শ্ৰমিকজনে ৷ কিন্তু দুৰ্ভাগ্যক্ৰমে আজি হঠাতে বাগিচাৰ কলঘৰত কৰ্মৰত অৱস্থাত কলঘৰৰ চিটিচি মেচিনত শ্ৰমিকজনৰ সোঁ ভৰি সোমাই যোৱাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ আঘাতপ্ৰাপ্ত শ্ৰমিকজন ভাস্কৰ মোহান্তি বুলি জানিব পৰা গৈছে ৷ লগে লগে শ্ৰমিকজনক আহত অৱস্থাত উন্নত চিকিৎসা বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে ।
এই ঘটনাৰ পিচতে বাগিচাখনত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় ৷ শ্ৰমিকসকলে ক্ষোভেৰে বাগিচা কৰ্তৃপক্ষই আমাক কোনো ধৰণৰ সুৰক্ষা প্ৰদান নকৰে বুলি অভিযোগ উত্থাপন কৰে। কিমান দিনলৈ চাহ শ্ৰমিকসকলৰ জীৱনক লৈ হেতালি খেলিব বাগিচা কৰ্তৃপক্ষই বুলি ক্ষোভ উজাৰে ৷ কোনে নাকী লগাব গুৰু গোসাঁই নমনা এই চাহ বাগিচা কৰ্তৃপক্ষক !
উল্লেখ্য যে, আজি পৰা প্ৰায় এমাহৰ পূৰ্বে মৰিয়নী নিউ সোণোৱাল চাহ বাগিচৰ কলঘৰ ডায়াৰত সোমাই মহেশ কোঁৱৰ নামৰ এজন শ্ৰমিকে এটা ভৰি হেৰুৱাব লগা ঘটনা সংঘটিত হৈছিল ৷ এই ঘটনাৰ উত্তেজনা মাৰ নৌযাঁওতেই আজি সংঘটিত হয় আন এটা হৃদয় বিদাৰক ঘটনা ৷ ইয়াৰ পিচতে বাগিচা কৰ্তৃপক্ষই শ্ৰমিকৰ জীৱনৰ নিৰাপত্তা ক্ষেত্ৰত বাৰে বাৰে ভেঙুচালি কৰি অহা অভিযোগ সবত্ৰে উথাপিত হৈ হৈছে ।
লগতে পঢ়ক:Assam BJP internal conflict: সিদ্ধাৰ্থ ভট্টাচাৰ্য-ৰাজেন গোহাঁইৰ বিৰুদ্ধে হুংকাৰ শতাধিক বিজেপি নেতা-কৰ্মীৰ