যোৰহাট, ২ জানুৱাৰী :সমগ্ৰ বিশ্বতে অসমৰ চাহে দখল কৰি আহিছে এক বিশেষ স্থান ৷ বিশ্ব অৰ্থনীতিত অসমৰ চাহৰ আছে বিশেষ মৰ্যাদা (Assam tea in World) ৷ আমেৰিকা, জাপান আৰু ইউৰোপৰ দেশসমূহত জৈৱিক চাহপাতৰ চাহিদা যথেষ্ট বেছি (Demand for Assam organic tea in World) ৷ চাহ খেতিৰ যোগেদি আত্মনিৰ্ভৰশীল হোৱাৰ লগতে গ্ৰাম্য অৰ্থনীতি সবলীকৰণৰ ক্ষেত্ৰতো বিশেষ ভূমিকা পালন কৰি আহিছে অসমৰ চাহ খেতিয়কসকলে ।
অসমৰ জৈৱিক চাহৰ সমাদৰ বৃদ্ধি পাবলৈ ধৰাত উৎসাহিত হৈছে চাহ খেতিয়কসকল । আন দহগৰাকী খেতিয়কৰ দৰে যোৰহাটৰ এগৰাকী জৈৱিক চাহ খেতিয়ক তথা উদ্যমী যুৱক অচ্যুত প্ৰসাদ গগৈয়ে(কাজু) গ্ৰামাঞ্চলত চাহ পৰ্যটন গঢ় দিয়াৰ প্ৰয়াস কৰিছে । স্থানীয় লোকৰ মাজত অচিনাকি চাহ কেইবিধমান চিনাকী কৰি দিবলৈ গ্ৰহণ কৰিছে এক সুন্দৰ পদক্ষেপ ।
উল্লেখ্য যে, যোৰহাট জিলাৰ মৰিয়নিৰ চেলেংহাট নামচেচুৰ নিবাসী অচ্যুত প্ৰসাদ গগৈয়ে ২০১৩ চনৰ পৰাই জৈৱিক পদ্ধতিৰে চাহ উৎপাদন কৰি আহিছে (Chelenghat Namshesu in Jorhat)। শেহতীয়া ভাৱে তেওঁ চেলেংহাটৰ নামচেচুৰ চাহ উৎপাদন স্থলীতে পুনজয় অৰ্গেনিক হেণ্ড মেড টি বুটিকৰ "চাহ ঘৰ" নামেৰে এখন বিপনী আৰম্ভণ কৰিছে (Tea House Stall in Chelenghat)। গ্ৰাহকৰ লগতে পৰ্যটকে এই বিপনীখনত তেওঁৰ উৎপাদিত ছয়বিধ চাহৰ সোৱাদ লোৱাৰ উপৰি চাহ ক্ৰয়ৰ সুবিধা আছে ।