টীয়ক, 17 এপ্ৰিল :সমগ্ৰ ৰাজ্যবাসীয়ে ব’হাগৰ তৃতীয় দিনটো তাঁত বিহু হিচাপে উদযাপন কৰে ৷ সাত বিহুৰ পৰম্পৰা ৰক্ষা(Rangali Bihu 2022) কৰি টীয়কৰ মুদৈজান ভৰলুৱা গাঁৱৰ একাংশ শিপিনী গোট খাই উদযাপন(Tat Bihu celebrations at Teok) কৰিছে চেনেহৰ এই বিহুটি ৷ বিশেষকৈ গ্ৰামাঞ্চলৰ মহিলাসকলৰ বাবে এই বিহুৰ তাৎপৰ্য অধিক ৷
তাঁতখনতেই অসমীয়া সমাজৰ মহিলাই অনাগত দিনবোৰৰ ৰঙীণ সপোন ৰচে, বিশেষকৈ ব’হাগৰ আগমণৰ লগে লগে আপোনজনলৈ বুলি বিহুৱান, ৰুমাল আদি নিজ হাতেৰে বৈ উপহাৰ দিয়ে ৷ সেয়ে এই দিনটোত শিপিনীসকলে পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি পুৱা একগোট হৈ তাঁতশাল চাফ-চিকুণ কৰি এগছি বন্তি, ধূপ জ্বলাই অনাগত দিনবোৰ যাতে সকলোৰে ভালদৰে পাৰ হয়, তাৰ কামনা কৰে ৷