যোৰহাট, 11 জানুৱাৰীঃৰাজ্যত CAAৰ বিৰোধিতা কৰি প্ৰতিবাদকাৰী সকলে বিভিন্ন নেতাক ক'লা পতাকা প্ৰদৰ্শন কৰাৰ বাতৰি সম্প্ৰতি শিৰোনামাত আছে ৷ তেনে সময়তে শনিবাৰে যোৰহাটৰ বৰুৱা চাৰিআলিত ক'লা পতাকাৰ সন্মুখীন হয় ৰাজ্যসভাৰ বিজেপি সাংসদ কামাখ্যা প্ৰসাদ তাছা ৷
সাংসদ তাছাক যোৰহাটত ক'লা পতাকা প্ৰদৰ্শন
শুকুৰবাৰে সমগ্ৰ দেশতে ৰাজপত্ৰৰ দ্বাৰা বলৱৎ কৰা হয় নাগৰিকত্ব (সংশোধনী) আইন, 2019 ৷ ইয়াৰ পাচতে ক'লা পতাকাৰ সন্মুখীন হয় ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ৷
সাংসদ তাছাক যোৰহাটত ক'লা পতাকা প্ৰদৰ্শন
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যই বিজেপিৰ সাংসদ গৰাকীক ক'লা পতাকা প্ৰদৰ্শন কৰে ৷ উল্লেখ্য যে, শুকুৰবাৰে নিশা সমগ্ৰ দেশতে ৰাজপত্ৰৰ দ্বাৰা নাগৰিকত্ব (সংশোধনী) আইন, 2019 বলৱৎ হোৱাৰ পাচতে পুনৰ ৰাজ্যৰ পৰিৱেশ উত্তাল হোৱাৰ পথত গতি কৰিছে ৷
লগতে পঢ়ক - সমগ্ৰ দেশতে বলৱৎ হ’ল ‘‘CAA’’