তিতাবৰ, ২৮ মাৰ্চ: "দুৰ্বল লোককহে আনৰ প্ৰয়োজন হয় আমাক আনৰ প্ৰয়োজন নাই ,আমি অকলেই যুজি যাব পাৰিম " । এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ । বৃহস্পতিবাৰে তিতাবৰত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ প্ৰথমখন নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকে তৰুণ গগৈ । যোৰহাটৰ 12 নং লোকসভা সমষ্টিৰ প্ৰাৰ্থী সুশান্ত বৰগোঁহাইৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই তৰুণ গগৈয়ে । তিতাবৰত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ প্ৰথমখন নিৰ্বাচনী প্ৰচাৰ সভাত তৰুণ গগৈয়ে বিজেপিক কটাক্ষ কৰি কয় "আমি চকীদাৰ নহয়, চকীদাৰে দেশ বিক্ৰী কৰিব ওলাইছে " । কংগ্ৰেছৰ লক্ষ্য এটাই নাগৰিক সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি অসমবাসীক ৰক্ষা কৰা । কিন্তু বিজেপিয়ে ভোটৰ লালসাত বাংলাদেশীক অসমলৈ আনি অসমবাসীক ঠগাবলৈ ওলাইছে । লগতে বিজেপি দল জয়ী হলে অসমক দ্বিতীয় ত্ৰিপুৰা কৰি গঢ়ি তুলিব বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ।
কংগ্ৰেছ দলক আনৰ সহায়ৰ প্ৰয়োজন নাইঃ তৰুণ গগৈ - সুশান্ত বৰগোঁহাই
বৃহস্পতিবাৰে তিতাবৰত সুশান্ত বৰগোঁহাইৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে
![কংগ্ৰেছ দলক আনৰ সহায়ৰ প্ৰয়োজন নাইঃ তৰুণ গগৈ](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2830272-831-654f7534-8fd4-41c0-b0cb-fca4d7e83901.jpg)
তিতাবৰত উপস্থিত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ
তিতাবৰত উপস্থিত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ
আনহাতে যোৰহাটৰ 12 নং লোকসভা সমষ্টিৰ প্ৰাৰ্থী সুশান্ত বৰগোঁহাইৰ মন্তব্য অসমত যদি নিৱনুৱা সমস্যা সমাধান কৰিব পাৰে সেয়া একমাত্ৰ কংগ্ৰেছ দলেহে পাৰিব ।