যোৰহাট,20 নৱেম্বৰ:আজি প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী যোৰহাটত পালন কৰা হয়(Tarun Gogoi death anniversary celebrated in Jorhat) । সাংসদ পুত্ৰ গৌৰৱ গগৈয়ে আজি যোৰহাটত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দ্বিতীয় মৃত্যুৰ বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰে (Tarun Gogoi death anniversary celebrated in Jorhat)। প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ গৃহ জিলা যোৰহাটত বিভিন্ন দল-সংগঠনৰ লগতে কংগ্ৰেছে প্ৰয়াত মুখ্যমন্ত্ৰী গৰাকীক স্মৰণ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে (Tarun Gogoi 2nd death anniversary)।
আনহাতে আজি যোৰহাটৰ মাজমজিয়াস্থিত মেলেনিয়াম পাৰ্কত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ফেন ক্লাৱ আৰু যোৰহাট জিলা কংগ্ৰেছে দ্বিতীয় মৃত্যু বাৰ্ষিকী অনুষ্ঠান পালন কৰে । দিনৰ ভাগত প্ৰয়াত মুখ্যমন্ত্ৰী গৰাকীৰ প্ৰতিচ্ছবিত পুস্পাঞ্জলি অৰ্পণেৰে তেওঁৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰা হয় । শ্ৰদ্ধাঞ্জলিৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি দিহানাম ,বৰগীত , জিকিৰ আদি অনুষ্ঠানৰ আয়োজন কৰা হয় ।