অসম

assam

By

Published : Mar 12, 2021, 5:35 PM IST

ETV Bharat / state

টীয়কত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত সাংসদ তপন গগৈ

টীয়কৰ নিৰ্বাচনী সভাত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলালে সাংসদ তপন গগৈয়ে ৷ বিজেপিৰ 100+ সফল কৰাৰ আহ্বান তপন গগৈৰ ৷

টীয়কত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত সাংসদ তপন গগৈ
টীয়কত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত সাংসদ তপন গগৈ

টীয়ক, 12 মাৰ্চঃ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত নিৰ্বাচনী তৎপৰতা অধিক বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ টীয়কতো শুকুৰবাৰে এজিপি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰেণুপমা ৰাজখোৱাৰ হৈ প্ৰচাৰ চলাবলৈ সমষ্টিটোত উপস্থিত হৈছে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ । সমষ্টিৰ মধ্যস্থল কাকজান কৃষ্টি কেন্দ্ৰৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হয় নিৰ্বাচনী সভা ৷ নিৰ্বাচনী সভাত মিত্ৰতাক অধিক শক্তিশালী কৰি বিজেপিৰ ১০০+ ৰ অংশস্বৰূপে টীয়ক সমষ্টিটোকো নিৰ্বাচন কৰি দেশৰ প্ৰগতি অক্ষুন্ন ৰাখিবলৈ ভোটাৰ ৰাইজক আহ্বান জনায় সাংসদগৰাকীয়ে ।

টীয়কত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত সাংসদ তপন গগৈ

লগতে চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনিৰ সফল ৰূপায়ণৰ বাবে বিজেপি চৰকাৰ গঠনত সহযোগিতা বিচাৰে সাংসদ তপন গগৈয়ে । উল্লেখযোগ্য যে, উক্ত নিৰ্বাচনী সভাত অগপ দলৰ বিষয়ববীয়াৰ সমান্তৰালকৈ বিজেপি দলৰ বহুসংখ্যক ৰাজ্যিক, জিলা তথা সমষ্টিৰ বিষয়ববীয়া উপস্থিত থাকে ৷ আগন্তুক নিৰ্বাচনত জয়ী হ'বলৈ ন ন ৰণ কৌশল প্ৰস্তুতৰ বাবে দুয়োটা দলৰ কৰ্মকৰ্তাক লৈ এখনি সমষ্টি ভিত্তিক নিৰ্বাচনী সমিতি গঠন কৰা হয় ৷ লগতে টীয়কবাসীক ৰেণুপমা ৰাজখোৱাক বিপুল ভোটত জয়যুক্ত কৰাবলৈ আহ্বান জনায় তপন গগৈয়ে ।

লগতে পঢ়কঃওদালগুৰিত মনোনয়ন পত্ৰ দাখিল কৰিলে কেইবাজনো প্ৰাৰ্থীয়ে

ABOUT THE AUTHOR

...view details