টীয়ক,13 মাৰ্চঃ যোৰহাট জিলাৰ টীয়কৰ কাকজান মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ উদ্যোগত শুকুৰবাৰে এখনি বক্তৃতা অনুষ্ঠান আয়োজন কৰা হয় ৷ ‘অসমত অভিনয় কলা আৰু শ্বেক্সপীয়েৰ’ শীৰ্ষক বক্তৃতা অনুষ্ঠানটোত অংশগ্ৰহণ কৰে অসমীয়া বোলছবি জগতৰ জনপ্ৰিয় অভিনেতা তপন দাসে ৷ শ্বেক্সপিয়েৰৰ অভিনয় কলা অসমৰ নাট্য জগতত প্ৰভাৱ সম্পৰ্কে মন্তব্য আগবঢ়াই অভিনেতাগৰাকীয়ে নিজৰ অভিনয় জীৱনৰ কিছু অভিজ্ঞতা ব্যক্ত কৰে ৷
কাকজান মহাবিদ্যালয়ত আবৃত্তিৰে সকলোকে মুহিলে অভিনেতা তপন দাসে - Kakojan College
টীয়ক মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ড৹ পংকজ গোস্বামীৰ সভাপতিত্বত আয়োজিত উক্ত অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যক্ষা ড৹ ৰূপৰেখা বৰদলৈয়ে উদ্বোধনী ভাষণ প্ৰদান কৰে ৷ উক্ত অনুষ্ঠানতে মহাবিদ্যালয়খনৰ অধ্যাপক ভৈৰাৱনন বৰাই অনুবাদ কৰা বিশ্ব বিখ্যাত নাটক 'হেমলেট'ৰ স্বৰ্গৰোক্তি পাঠ কৰি সকলোকে আপ্লুত কৰে শিল্পী তপন দাসে ৷
কাকজান মহাবিদ্যালয়ত আবৃত্তিৰে সকলোকে মুহিলে অভিনেতা তপণ দাসে
টীয়ক মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ড৹ পংকজ গোস্বামীৰ সভাপতিত্বত আয়োজিত উক্ত অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ ৰূপৰেখা বৰদলৈয়ে উদ্বোধনী ভাষণ প্ৰদান কৰে ৷ উল্লেখযোগ্য যে, উক্ত অনুষ্ঠানতে মহাবিদ্যালয়খনৰ অধ্যাপক ভৈৰাৱনন বৰাই অনুবাদ কৰা বিশ্ব বিখ্যাত নাটক 'হেমলেট'ৰ স্বৰ্গৰোক্তি পাঠ কৰি সকলোকে আপ্লুত কৰে শিল্পী তপন দাসে ৷
লগতে পঢ়ক-গগৈ-আজমলক লগত লৈ মনোনয়ন দাখিল কৰিলে অজিত কুমাৰ ভূঞাই
Last Updated : Mar 13, 2020, 10:50 PM IST