যোৰহাট, 31 আগষ্ট:10 মিলিমিটাৰ দৈৰ্ঘ্য আৰু 14 মিলিমিটাৰ প্ৰস্থৰে এখন ক্ষুদ্ৰ আকাৰৰ ছবি আঁকি অসম বুক অফ ৰেকৰ্ডত নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে, যোৰহাটৰ স্বপ্নীল নাজিৰে ৷ স্বপ্নীল নাজিৰ যোৰহাট অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ ৷ মাত্ৰ 30 মিনিটৰ ভিতৰত ক্ষুদ্ৰ আকাৰত জাতিৰ পিতা মহাত্মা গান্ধীৰ লগতে ৰাষ্ট্ৰীয় পতাকা ধৰি থকা দুগৰাকী ব্যক্তিৰ ছবি আঁকি স্বপ্নীল নাজিৰে গঢ়িলে অভিলেখ ৷
ক্ষুদ্ৰ আকাৰৰ ছবি আঁকি অসম বুক অফ ৰেকৰ্ডত নাম সন্নিবিষ্ট স্বপ্নীল নাজিৰৰ - স্বপ্নীল নাজিৰ
অসম বুক অফ ৰেকৰ্ডত নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে যোৰহাটৰ স্বপ্নীল নাজিৰে ৷ 10 মিলিমিটাৰ দৈৰ্ঘ্য আৰু 14 মিলিমিটাৰ প্ৰস্থৰে এখন ক্ষুদ্ৰ আকাৰৰ ছবি আঁকি অসম বুক অফ ৰেকৰ্ডত নাম সন্নিবিষ্ট কৰে স্বপ্নীলে ৷
স্বপ্নীল নাজিৰ
যোৰহাট জিলাৰ বাহনা অঞ্চলৰ ৰংদৈ নাজিৰ চুকৰ বাসিন্দা, অৱসৰপ্ৰাপ্ত বিজ্ঞান শিক্ষক অশোক কুমাৰ নাজিৰ আৰু সৰস্বতী দত্ত নাজিৰৰ পুত্ৰ স্বপ্নীলৰ এই কৃত্বিত্বত গৌৰৱান্বিত যোৰহাটবাসী ৷
লগতে পঢ়ক:যান্ত্ৰিকতাৰ কোলাহলত অতিষ্ট হৈছে নেকি ? আহক এইখন গাঁৱলৈ..